
ডিব্ৰুগড়, ১৬ অক্টোবৰ (হি.স.)। ডিব্ৰুগড়ৰ ব্ৰহ্মপুত্ৰৰ চাপৰিত প্ৰাকৃতিক ভাৱে গঢ় লৈ উঠা বহুমূলীয়া গছ-গছনি কাটি তহিলং কৰাৰ এক ভয়ংকৰ চিত্র। আমি ইয়াৰ পূৰ্বেও সবিস্তাৰে প্ৰকাশ কৰি আহিছোঁ। প্রকৃতি ধ্বংস কৰি কেনেদৰে এই কাঠ কয়লা (কাঠৰ কয়লা) তৈয়াৰ কৰা হয় আৰু সেইসমূহ বিভিন্ন স্থানলৈ সৰবৰাহ কৰা হয়, সেয়া আমাৰ বাতৰিত স্পষ্ট হৈছিল।
কিন্তু অত্যন্ত পৰিতাপৰ বিষয় যে,সমগ্ৰ অবৈধ কাণ্ডৰ বিৰুদ্ধে অসমৰ বন বিভাগৰ ভূমিকা একেবাৰে শূন্য। ব্ৰহ্মপুত্ৰৰ চাপৰিৰ এই অবৈধ কাৰবাৰৰ বিষয়ে আঞ্চলিক বন বিষয়া গৰাকীক জানিবলৈ বিচৰাত তেওঁ দায়িত্বজ্ঞানহীনভাৱে 'অকনমান হে ধৰিছোঁ' বুলি কৈ দায়সৰা মন্তব্য প্ৰদান কৰে। ইমানেই নহয়, ইয়াৰ জৰিয়তে অভিযুক্তক সুৰক্ষা দিয়াৰহে এক অপচেষ্টা চলোৱা পৰিলক্ষিত হৈছে।
উত্থাপন হৈছে যে, ডিব্ৰুগড়ৰ জনৈক সঞ্জয় চৌধুৰীৰ নেতৃত্বত দীৰ্ঘদিন ধৰি এই অবৈধ কয়লাৰ কলা-বেপাৰ মুকলি মূৰীয়াকৈ চলি আহিছে। এতিয়া প্ৰশ্ন হয়— বন বিভাগৰ মৌন সমৰ্থন অবিহনে এনে অবৈধ চক্র কিদৰে সক্ৰিয় হৈ থাকিব পাৰে?জানিব পৰা মতে জব্দ কৃত কাঠ কৈলা সমূহ সঞ্জয় চৌধুৰীৰ আছিল।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ