
নগাঁও, ১৬ অক্টোবৰ (হি.স.)। মহা ষষ্ঠীত চামগুৰিৰ আমলখি চাহ বাগিচাত পৰম্পৰাগত পানী তোলা পৰ্ব।আজি মহা ষষ্ঠী। শাৰদীয় দুৰ্গোৎসৱক আদৰিবলৈ চামগুৰিৰ আমলখি চাহ বাগিচাত উলহ-মালহেৰে পালন কৰা হয় পৰম্পৰাগত পানী তোলা পৰ্ব।পুৱাৰ ভাগত বৃক্ষৰোপণ কাৰ্যসূচীৰে আৰম্ভ হয় দিনটোৰ কাৰ্যসূচী।
ইয়াৰ পিছতে আমলখি পূজা স্থলীৰ পৰা পদযাত্ৰাৰে হাতীসহ দিজু নৈলৈ যাত্ৰা কৰে ভক্তসকলে। পৰম্পৰা অনুসৰি দিজু নৈৰ পৰা পানী তুলি অনা হয় দুৰ্গাপূজাৰ বাবে।বছৰ বছৰ ধৰি চলি অহা এই পৰম্পৰাই আমলখি চাহ বাগিচাৰ দুৰ্গাপূজাৰ ঐতিহ্য, ধৰ্মীয় বিশ্বাস আৰু সাংস্কৃতিক পৰিচয় বহন কৰি আহিছে। মহা ষষ্ঠীৰ এই বিশেষ কাৰ্যসূচীয়ে সমগ্ৰ অঞ্চলটোত সৃষ্টি কৰে এক ভক্তিময় পৰিৱেশ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ