
যোৰহাট, ১৬ অক্টোবৰ (হি.স.)। মৰিয়নিৰ চেলেংহাটত অইল মেক্স এনাৰ্জীৰ বিৰুদ্ধে কৃষক মুক্তিৰ উত্তাল প্ৰতিবাদ। মৰিয়নিৰ চেলেংহাটত অইল মেক্স এনাৰ্জী কোম্পানীৰ বিৰুদ্ধে তৈলক্ষেত্ৰ অৱৰোধ কৰি উত্তাল প্ৰতিবাদ। বানাক্ৰান্ত ৰাইজক পৰ্যাপ্ত সাহায্য প্ৰদান নকৰাৰ অভিযোগ তুলি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতৃত্বত ৬নং খাদৰ সন্মুখত বিক্ষোভ প্ৰদৰ্শন স্থানীয় ৰাইজৰ।কোম্পানীটোৰ কামত বিভিন্ন অসোৱাহ থকাৰ পিছত সংগঠনটোৰ একাংশ জিলা কৰ্মকৰ্তাই আজি কোম্পানীটোৰ তৈল খাদত উত্তাল প্ৰতিবাদ সাব্য়স্ত কৰে।
চেলেং চাহ বাগিচাত অৱস্থিত আমগুৰি অইল ফিল্ডৰ অন্তৰ্গত অইল মেক্স এনাৰ্জীৰ ৬ নং তৈল ক্ষেত্ৰৰ সন্মুখত বানাক্ৰান্ত ৰাইজে ৰূপায়ণ কৰে প্ৰতিবাদী কাৰ্যসূচী। জাঁজী নদীৰ প্ৰলয়ংকাৰী বানত অঞ্চলটোত ব্যাপক ক্ষতি হোৱাৰ পাছতো কোম্পানীটোৱে চিএছআৰ ৰ অধীনত বানাক্ৰান্ত সকলক পৰ্যাপ্ত সাহায্য নিদিয়াৰ অভিযোগ প্ৰতিবাদকাৰীৰ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ