লামডিংত কিশোৰীৰ মৃতদেহ উদ্ধাৰ
হোজাই, ১৬ অক্টোবৰ (হি.স.)। লামডিঙৰ ইটভাটা চাৰিআলিৰ উত্তম দেবনাথৰ কন্যা সপ্তমী দেবনাথ নামৰ এগৰাকী কিশোৰীক মৃত অৱস্থাত উদ্ধাৰ কৰে বাসগৃহত। মৃত্যুৰ পূৰ্বে তেওঁ ইনষ্টাগ্ৰামত, এটা ভিডিঅ’ ফটো আৰু কাহিনী’ শ্বেয়াৰ কৰিছিল, য’ত হৰিওমটিলা লুমডিঙৰ ৰোহিত দাসক
লামডিংত কিশোৰীৰ মৃতদেহ উদ্ধাৰ


হোজাই, ১৬ অক্টোবৰ (হি.স.)। লামডিঙৰ ইটভাটা চাৰিআলিৰ উত্তম দেবনাথৰ কন্যা সপ্তমী দেবনাথ নামৰ এগৰাকী কিশোৰীক মৃত অৱস্থাত উদ্ধাৰ কৰে বাসগৃহত। মৃত্যুৰ পূৰ্বে তেওঁ ইনষ্টাগ্ৰামত, এটা ভিডিঅ’ ফটো আৰু কাহিনী’ শ্বেয়াৰ কৰিছিল, য’ত হৰিওমটিলা লুমডিঙৰ ৰোহিত দাসক শাৰীৰিক আৰু মানসিক নিৰ্যাতন আৰু দুটাকৈ গৰ্ভপাতৰ অভিযোগ উত্থাপন কৰিছিল পৰিয়ালে।

ভুক্তভোগী পৰিয়ালে আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰিছে। লামডিং আৰক্ষীয়ে তদন্ত আৰম্ভ কৰি অভিযুক্তক বিচাৰি অব্যাহত ৰাখিছে তদন্ত। ইফালে লামডিঙৰ স্থানীয় ৰাইজে সপ্তমীৰ ন্যায়ৰ দাবীত পথ পদযাত্ৰা কৰে আৰু আৰক্ষী প্ৰশাসনক অতি সোনকালে ৰোহিত দাসক গ্ৰেপ্তাৰ কৰিবলৈ আহ্বান জনাইছে। আৰক্ষীৰ তদন্ত সম্পূৰ্ণ হোৱাৰ পিছত পোহৰলৈ আহিব সমগ্ৰ তথ্য।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande