
শিৱসাগৰ, ১৬ অক্টোবৰ (হি.স.)। আজি ষষ্ঠী আৰু দুৰ্গতিনাশিনীৰ বন্দনাত মুখৰিত ৰাজ্য।সমগ্ৰ ৰাজ্যত এতিয়া পবিত্ৰ মন্ত্ৰোচ্চাৰণৰ ধ্বনি আৰু ঢাকৰ শব্দ।ৰাজ্যৰ সমান্তৰালকৈ বানবিধ্বস্ত শিৱসাগৰতো দেৱী বন্দনা। খনিকৰ সকলৰ হাতৰ পৰশত জীৱন্ত হৈ উঠা দেৱীৰ মৃণ্ময় প্রতিমাত আশীষ লৈছে সকলোৱে।আলোকসজ্জা আৰু আকৰ্ষণীয় কাৰুকাৰ্য্যৰে সজাই তোলা হৈছে অস্থায়ী মণ্ডপসমূহ।ব্যতিক্ৰম নহয় শিৱসাগৰ জিলাও।
জাক জমকতা পৰিহাৰ কৰি শিৱসাগৰ জিলাতো অস্থায়ী পূজা মণ্ডপ আৰু ঐতিহাসিক দল দেৱালয় তথা পীঠ স্থানসমূহত আধ্যাত্মিক পৰিৱেশ গঢ়ি তুলিছে পূজা সমিতিসমূহে।শিৱসাগৰৰ পূজা সমিতিসমূহৰ ভিতৰত অন্যতম এখন পুৰণি পূজা সমিতি বাৰোৱাৰী পূজা সমিতিৰ দুৰ্গা পূজাই ৯৩ টা বছৰ অতিক্ৰম কৰিলে।প্ৰতিবছৰে ব্যতিক্ৰমী ৰূপত সুন্দৰকৈ সজাই তোলা পূজা মণ্ডপৰ জৰিয়তে সমাজলৈ ধনাত্মক বাৰ্তা প্ৰেৰণৰ চেষ্টা কৰে বাৰোৱাৰী পূজা সমিতিয়ে।আয়তীসকলৰ গোসাঁনী নামত এক পৱিত্ৰ পৰিবেশ বিৰাজ কৰিছে মণ্ডপ সমূহত।বিগত বছৰবোৰৰ দৰে চলিত বছৰতো বাৰোৱাৰী পূজা সমিতিয়ে দুৰ্গা পূজাৰ আয়োজন কৰিছে যদিও শেহতীয়া বান দুৰ্যোগৰ বাবে জাকজমকতাৰ পৰা আঁতৰি বাৰোৱাৰী পূজা সমিতিয়ে সাধাৰণভাবে সজাই তুলিছে অস্থায়ী মণ্ডপ।
মণ্ডপৰ সন্মুখত ড্ৰাগছৰ ভয়াবহতা আৰু বানপানীৰ সময়ত লবলগীয়া সুৰক্ষাৰ প্ৰতি ৰাইজক সজাগ কৰাৰ উদ্দেশ্যে দুখনকৈ প্ৰতিকৃতি ৰূপত দুখন বুলেটিন স্থাপন কৰা হৈছে।অনাগত দিনত সমাজৰ অপায়-অমংগল,অসূয়া-অপ্ৰীতি তথা দুৰ্যোগসমূহ আতৰি যাবৰ বাবে দেৱী দুৰ্গাৰ চৰণত আশীষ গ্ৰহণ কৰিছে সকলোৱে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ