কৃষি-অর্থনৈতিক ভেটি টনকিয়াল কৰিবলৈ হ'লে পশুপালন খণ্ডক শক্তিশালী ৰূপত গঢ় দিবই লাগিবঃ মন্ত্রী নীলিমা দেৱী
পশুজাত উৎপাদন সামগ্ৰীৰসংহত নমুনা জৰীপ সন্দৰ্ভত ৰাজ্যিক পর্যায়ৰ কর্মশালা গুৱাহাটী, ১৪ অক্টোবৰ (হি.স.)। পশুপালন আৰু পশু চিকিৎসা খণ্ডত গাখীৰ, কণী আৰু মাংসৰ সংহত নমুনা জৰীপ সন্দৰ্ভত জিলা ন''ডেল বিষয়া,পশু চিকিৎসা ক্ষেত্র সহায়ক তথা গণনাকাৰীসকলৰ মাজত আজি
কৃষি-অর্থনৈতিক ভেটি টনকিয়াল কৰিবলৈ হ'লে পশুপালন খণ্ডক শক্তিশালী ৰূপত গঢ় দিবই লাগিবঃ মন্ত্রী নীলিমা দেৱী


পশুজাত উৎপাদন সামগ্ৰীৰসংহত নমুনা জৰীপ সন্দৰ্ভত ৰাজ্যিক পর্যায়ৰ কর্মশালা

গুৱাহাটী, ১৪ অক্টোবৰ (হি.স.)। পশুপালন আৰু পশু চিকিৎসা খণ্ডত গাখীৰ, কণী আৰু মাংসৰ সংহত নমুনা জৰীপ সন্দৰ্ভত জিলা ন'ডেল বিষয়া,পশু চিকিৎসা ক্ষেত্র সহায়ক তথা গণনাকাৰীসকলৰ মাজত আজি এক ৰাজ্যিক পর্যায়ৰ কর্মশালা অনুষ্ঠিত হৈ যায়। মহানগৰীৰ খানাপাৰাস্থিত অসম প্রশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত আয়োজিত উক্ত অনুষ্ঠানত অসম চৰকাৰৰ পশুপালন আৰু পশু চিকিৎসা বিভাগৰ মন্ত্রী নীলিমা দেৱী উপস্থিত থাকে।

নিজৰ বক্তব্যত মন্ত্রীগৰাকীয়ে কয় যে ৰাজ্যখনৰ কৃষি-অর্থনৈতিক ভেটি টনকিয়াল কৰাৰ ক্ষেত্রত পশুপালন খণ্ডক আমি শক্তিশালী ৰূপত গঢ় দিবই লাগিব। বিশেষকৈ গাখীৰ, কণী আৰু মাংস উৎপাদনত ৰাজ্যখনক স্বাৱলম্বী কৰাৰ বাবে আমি কৃষক সমাজৰ সৈতে মিলি নিষ্ঠা আৰু সততাৰে কাম কৰিব লাগিব। লগতে তেওঁ নমুনা জৰীপৰ সৈতে জড়িত প্রতিগৰাকী বিষয়া-কর্মৰ্মচাৰীক আন্তৰিকতা সহকাৰে সঠিক ৰূপত এই কার্য সম্পাদন কৰিবলৈ উৎসাহিত কৰে। অনুষ্ঠানত উপস্থিত থকা পশুপালন আৰু পশু চিকিৎসা বিভাগৰ অতিৰিক্ত মুখ্য সচিব কেচি চামৰিয়াই সংহত নমুনা জৰীপৰ গুৰুত্ব আৰু তাৎপৰ্যৰ ওপৰত বিশদ ব্যাখ্যা আগবঢ়ায় আৰু একবাৰে শুদ্ধ ৰূপত তথ্য সংগ্ৰহ কৰাৰ কথা দোহাৰি গণনাকাৰীসকলক সঠিক তথ্য সংগ্ৰহ কৰাৰ বাবে আহ্বান জনায়।

অনুষ্ঠানত কর্মশালাৰ উদ্দেশ্য ব্যাখ্যা কৰে পশুপালন আৰু পশু চিকিৎসা বিভাগৰ সঞ্চালক ৬০ জয়ন্ত কুমাৰ গোস্বামীয়ে আৰু আঁত ধৰে সহকাৰী গৱেষণা বিষয়া ডাঃ অৱনী কুমাৰ চৌধুৰীয়ে। অনুষ্ঠানত ৰাজ্য চৰকাৰৰ অৰ্থনীতি আৰু পৰিসংখ্যা বিভাগৰ সঞ্চালক প্রধান কে এছ গোপীনাথ নাৰায়ণ, সঞ্চালক ধীৰাজ দাস, দুগ্ধ উন্নয়ন বিভাগৰ সঞ্চালক পাঞ্চালী কাকতি আৰু মীন বিভাগৰ সঞ্চালক গৌৰী শংকৰ দাসৰ লগতে কেইবাগৰাকীও উচ্চপদস্থ বিষয়া উপস্থিত থাকে। কর্মশালাত অনুষ্ঠিত কাৰিকৰী সত্ৰত উপস্থিত থাকি অৰ্থনীতি আৰু পৰিসংখ্যা বিভাগৰ সঞ্চালক প্রধান গৰাকীৰ লগতে বিভাগৰ অৱসৰী জ্যেষ্ঠ গৱেষণা বিষয়া প্রমথেশ ভট্টাচার্য, পৰিসংখ্যা পৰিদর্শক নিশান্ত কুমাৰ দাস তথা সমল ব্যক্তিসকলে সংহত নমুনা জৰীপ সন্দৰ্ভত এক বিশেষ পর্যালোচনা আগবঢ়ায়। উল্লেখযোগ্য যে সংহত নমুনা জৰীপৰ জৰিয়তে গাখীৰ, কণী আৰু মাংসৰ উৎপাদন আৰু পশুপালন বিভাগৰ বিভিন্ন কার্যকলাপ সম্পর্কীয় গুৰুত্বপূর্ণ তথ্য সংগ্ৰহ আৰু বিশ্লেষণ কৰা হয়। ৰাজ্যখনত গাথীৰ,কণী, মাংস আদি পশুজাত সামগ্ৰীৰ বার্ষিক উৎপাদনৰ পৰিমাণ নিৰূপণ কৰি পৰৱৰ্তী সময়ত তাৰ সঠিক প্রাক্কলন প্রস্তুত কৰাৰ উদ্দেশ্যে বছৰেকত তিনিবাৰকৈ গাখীৰ, কণী আৰু মাংসৰ সংহত নমুনা জৰীপ কার্য সম্পাদন কৰা হয়।

ভাৰত চৰকাৰৰ পশুপালন পৰিসংখ্যা বিভাগৰ নিৰ্দেশনা অনুসৰি অসম চৰকাৰৰ পশুপালন আৰু পশু চিকিৎসা বিভাগে এই জৰীপ

সম্পন্ন কৰে। জৰীপত ক্ষেত্ৰ পৰ্যায়ৰ গণনাকাৰীসকলে ঘৰে ঘৰে গৈ যাৱতীয় তথ্য সংগ্ৰহ কৰি নির্ধাৰিত প্রপত্ৰসমূহ পূৰণ কৰে আৰু সংগৃহীত তথ্যসমূহ ইলেকট্রনিক লাইভষ্টক ইনটিগ্রেটেড ছেম্পল চার্ভে ছফ্টৱেৰৰ জৰিয়তে ডিজিটেল পদ্ধতিত সঠিক সময়সূচী অনুসৰি অন্তর্ভুক্ত কৰে। পৰৱৰ্তী সময়ত এই তথ্যসমূহৰ বিশ্লেষণৰ জৰিয়তে উৎপাদনৰ প্রাক্কলন প্রস্তুত কৰা হয়।

এই তথ্যসমূহে ৰাজ্যখনৰ পশুপালন খণ্ডৰ উন্নয়নৰ পৰিকল্পনা আৰু নীতি নির্ধাৰণত বিশেষ ভূমিকা পালন কৰে। ইয়াৰ উপৰি, গাখীৰ,কণী আৰু মাংস উৎপাদনৰ পৰিমাণৰ ওপৰত ভিত্তি কৰি মুঠ ঘক্কৱা উৎপাদন আৰু মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদন নির্ধাৰণ

কৰা হয়।

হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী


 rajesh pande