মহিলা যাত্ৰীৰ সুৰক্ষাৰ বাবে কেন্দ্ৰীভূত পদক্ষেপৰ জৰিয়তে যাত্ৰী সুৰক্ষা অধিক শক্তিশালীকৰণ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ
–ৰে’লৱে সুৰক্ষা বাহিনী উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ ২২টা গুৰুত্বপূৰ্ণ ষ্টেচনত ‘মেৰী চহেলী’ টীম মোতায়েন –দৈনিক ৪৫খন ৰে’লত পহৰাদাৰী দল আৰু অপৰাধীৰ বিৰুদ্ধে কাৰ্যব্যৱস্থা গ্ৰহণৰ জৰিয়তে মহিলাৰ সুৰক্ষা অধিক সুদৃঢ়কৰণ গুৱাহাটী, ১৪ অক্টোবৰ (হি.স.)। উত্তৰ-
মহিলা যাত্ৰীৰ সুৰক্ষাৰ বাবে কেন্দ্ৰীভূত পদক্ষেপৰ জৰিয়তে যাত্ৰী সুৰক্ষা অধিক শক্তিশালীকৰণ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ


–ৰে’লৱে সুৰক্ষা বাহিনী উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ ২২টা গুৰুত্বপূৰ্ণ ষ্টেচনত ‘মেৰী চহেলী’ টীম মোতায়েন

–দৈনিক ৪৫খন ৰে’লত পহৰাদাৰী দল আৰু অপৰাধীৰ বিৰুদ্ধে কাৰ্যব্যৱস্থা গ্ৰহণৰ জৰিয়তে মহিলাৰ সুৰক্ষা অধিক সুদৃঢ়কৰণ

গুৱাহাটী, ১৪ অক্টোবৰ (হি.স.)। উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ ৰে’লৱে সুৰক্ষা বাহিনীয়ে (আৰপিএফ) অবিৰত সতৰ্কতা, মহিলাকেন্দ্ৰিক সমৰ্পিত পদক্ষেপ আৰু যাত্ৰীসকলৰ অভিযোগৰ তাৎক্ষণিক নিষ্পত্তিৰ জৰিয়তে যাত্ৰীৰ সুৰক্ষা অধিক শক্তিশালী কৰি আহিছে। বিশেষকৈ অকলশৰে যাত্ৰা কৰা মহিলাসকলৰ সুৰক্ষা, মৰ্যাদা আৰু আত্মবিশ্বাস নিশ্চিত কৰাৰ দিশত বিশেষ গুৰুত্ব আৰোপ কৰি প্ৰতিৰোধমূলক ব্যৱস্থা, চলমান ৰেলত সুৰক্ষা আৰু সময়মতে সহায় আগবঢ়োৱাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

এই দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হৈছে ‘মেৰী চহেলী’ যাৰ অধীনত উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ ২২টা গুৰুত্বপূৰ্ণ ষ্টেচনত বিশেষ দল নিয়োগ কৰা হৈছে। এই দলসমূহে বিশেষকৈ অকলশৰে ভ্ৰমণ কৰা মহিলাসকলৰ সৈতে মত বিনিময় কৰি প্ৰয়োজনীয় সহায় আগবঢ়ায় লগতে তেওঁলোকৰ যাত্ৰা অধিক সুৰক্ষিত তথা আৰামদায়ক কৰি তুলিবলৈ আশ্বাস প্ৰদান কৰে। ইয়াৰ উপৰি, উত্তৰ-পূব সীমান্ত ৰে’লৱেত গড়ে দৈনিক ৪৫খন ৰে’লত ৰেলৱে সুৰক্ষা বাহিনীৰ জোৱানসকলে পহৰাদাৰীৰ দায়িত্ব পালন কৰে।

যাৰ ভিতৰত ১৩ খন মেইল/এক্সপ্ৰেছ ৰে’লত পুৰুষ আৰু মহিলা ৰেলৱে সুৰক্ষা বাহিনীৰ জোৱানসকলৰ দ্বাৰা গঠিত যুটিয়া সুৰক্ষা দলে নিৰাপত্তা প্ৰদান কৰে। এই পদক্ষেপসমূহে চলমান ৰে’লত সুৰক্ষা ব্যৱস্থা অধিক শক্তিশালী কৰাৰ লগতে প্ৰয়োজনসাপেক্ষে যাত্ৰীসকলক তাৎক্ষণিক সহায় আগবঢ়ায়।

মহিলাৰ বাবে সংৰক্ষিত ডবাত অবৈধভাৱে প্ৰৱেশ ৰোধ কৰাৰ উদ্দেশ্যে ৰে’লৱেৰ নিয়ম উলংঘা কৰা পুৰুষ যাত্ৰীৰ বিৰুদ্ধে ৰেলৱে সুৰক্ষা বাহিনীৰ জোৱানসকলে নিয়মীয়াকৈ বিশেষ অভিযান চলাই আহিছে। ২০২৬ বৰ্ষৰ জানুৱাৰীৰ পৰা ছেপ্টেম্বৰলৈকে ৰে’লৱে আইনৰ ধাৰা ১৬২-ৰ অধীনত ২,৪৬৬ জন ব্যক্তিক কৰায়ত্ত কৰি তেওঁলোকৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰা হয়। ইয়াৰ উপৰি, ১৯ জুনৰ পৰা ৩০ ছেপ্টেম্বৰ, ২০২৬ লৈকে জন বিশ্বাস আইনৰ অধীনত ২১৯ জন লোকক কৰায়ত্ত কৰি তেওঁলোকৰ পৰা প্ৰায় ₹৪.৯ লাখ টকাৰ জৰিমনা আদায় কৰা হয়।

বলৱৎকৰণ আইনী ব্যৱস্থাসমূহে মহিলা যাত্ৰীসকলৰ বাবে সুৰক্ষিত আৰু আৰামদায়ক ভ্ৰমণৰ পৰিৱেশ নিশ্চিত কৰাৰ প্ৰচেষ্টাক অধিক শক্তিশালী কৰি তুলিছে।

প্ৰসৱৰ সময়ত সহায়ৰ প্ৰয়োজন হোৱা গৰ্ভৱতী মহিলা যাত্ৰীসকলক সহায় কৰাৰ উদ্দেশ্যে গ্ৰহণ কৰা ‘অপাৰেচন মাতৃশক্তি’ ৰ অধীনত ৰেলৱে সুৰক্ষা বাহিনীৰ জোৱানসকলে, বিশেষকৈ মহিলা বিষয়াবৰ্গই, সময়মতে সহায় আগবঢ়োৱাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। চলিত বৰ্ষৰ সময়চোৱাত ৰেলৱে সুৰক্ষা বাহিনীৰ জোৱানসকলে ৰে’লৱেৰ চৌহদত প্ৰসৱৰ সৈতে জড়িত দুটা ঘটনাত সহায় আগবঢ়াই জৰুৰীকালীন পৰিস্থিতিত সহায়ৰ হাত আগবঢ়োৱাৰ প্ৰতি তেওঁলোকৰ দায়বদ্ধতা পুনৰ প্ৰতিফলিত কৰিছে।

ৰে’লৱেৰ সুৰক্ষা আৰু মহিলা যাত্ৰীসকলৰ বাবে উপলব্ধ সাহাৰ্য আৰু সুবিধাৰ বিষয়ে সজাগতা বৃদ্ধিৰ উদ্দেশ্যে ৰেলৱে সুৰক্ষা বাহিনীয়ে উত্তৰ-পূব সীমান্ত ৰেলৱেৰ ছ’চিয়েল মিডিয়া হেণ্ডেল আৰু উত্তৰ-পূব সীমান্ত ৰেলৱেৰ চৰকাৰী ছ’চিয়েল মিডিয়া মঞ্চসমূহৰ জৰিয়তেও নিয়মীয়াকৈ সজাগতামূলক ভিডিঅ’ প্ৰচাৰ কৰি আহিছে।

হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী


 rajesh pande