
গুৱাহাটী, ১৪ অক্টোবৰ (হি.স.)। আজি প্ৰথম বাহিনী সশস্ত্ৰ সীমা বল, সোণাপুৰৰ বাহিনী মুখ্য কাৰ্যালয়ত সন্দীক্ষা সদস্যাসকলৰ বাবে এক চাইবাৰ সুৰক্ষা সজাগতা কাৰ্যসূচীৰ আয়োজন কৰা হয়। এই কাৰ্যসূচী বৈশালী কৌশিক, সন্দীক্ষা প্ৰেছিডেণ্টৰ মাৰ্গদৰ্শনত অনুষ্ঠিত হয়।
কাৰ্যসূচীৰ সময়ত কমিউনিকেচন শাখাৰ তৰফৰ পৰা সন্দীক্ষা সদস্যাসকলক বিভিন্ন ধৰণৰ চাইবাৰ অপৰাধ, যেনে—অনলাইন প্ৰৱঞ্চনা, ফিছিং, সামাজিক মাধ্যমৰ সৈতে জড়িত অপৰাধ, অ’টিপি আৰু বেংকিং প্ৰৱঞ্চনা তথা ব্যক্তিগত তথ্যৰ অপব্যৱহাৰৰ বিষয়ে বিস্তৃতভাৱে অৱগত কৰা হয়। লগতে, চাইবাৰ অপৰাধৰ পৰা হাত সাৰিবলৈ প্ৰয়োজনীয় সুৰক্ষা ব্যৱস্থা আৰু সাৱধানতাৰ বিষয়েও সজাগ কৰা হয়।
এই কাৰ্যসূচীৰ মূল উদ্দেশ্য আছিল সন্দীক্ষা সদস্যাসকলৰ মাজত চাইবাৰ সুৰক্ষাৰ বিষয়ে সজাগতা বৃদ্ধি কৰা আৰু ডিজিটেল মাধ্যমসমূহ সুৰক্ষিতভাৱে ব্যৱহাৰ কৰিবলৈ উৎসাহিত কৰা। কাৰ্যসূচীৰ সময়ত শক্তিশালী পাছৱৰ্ড ব্যৱহাৰ কৰা, অ’টিপি আৰু বেংকিং সম্পৰ্কীয় গোপনীয় তথ্য আনৰ সৈতে ভাগ-বতৰা নকৰা, সন্দেহজনক লিংক, অচিনাকি ফোন কল আৰু প্ৰৱঞ্চনামূলক অনলাইন বাৰ্তাৰ পৰা সাৱধান হৈ থকাৰ পৰামৰ্শ দিয়া হয়।
এই সজাগতা কাৰ্যসূচীৰ জৰিয়তে চাইবাৰ ভাবুকি চিনাক্ত কৰা, চাইবাৰ অপৰাধ প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণ কৰা আৰু এক সুৰক্ষিত ডিজিটেল পৰিৱেশ বজাই ৰখাৰ বাৰ্তা প্ৰদান কৰা হয়।
হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী