গোলকগঞ্জত আশা কৰ্মী আৰু ছুপাৰভাইজাৰসকলক এককালীন প্ৰেৰণাদায়ক মাননী আৰু প্ৰশংসা-পত্ৰ বিতৰণ
ধুবুৰী, ১৪ অক্টোবৰ (হি.স.)। গোলকগঞ্জত সেৱা সংকল্প অভিযানৰ উপলক্ষে আশা কৰ্মী আৰু ছুপাৰভাইজাৰসকলক এককালীন প্ৰেৰণাদায়ক মাননী আৰু প্ৰশংসা-পত্ৰ বিতৰণ। অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ উদ্যোগত গোলকগঞ্জ খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয় চৌহদত
গোলকগঞ্জত আশা কৰ্মী আৰু ছুপাৰভাইজাৰসকলক এককালীন প্ৰেৰণাদায়ক মাননী আৰু প্ৰশংসা-পত্ৰ বিতৰণ


ধুবুৰী, ১৪ অক্টোবৰ (হি.স.)। গোলকগঞ্জত সেৱা সংকল্প অভিযানৰ উপলক্ষে আশা কৰ্মী আৰু ছুপাৰভাইজাৰসকলক এককালীন প্ৰেৰণাদায়ক মাননী আৰু প্ৰশংসা-পত্ৰ বিতৰণ।

অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ উদ্যোগত গোলকগঞ্জ খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয় চৌহদত অনুষ্ঠিত হয় এই বিশেষ অনুষ্ঠান।অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী তথা গোলকগঞ্জৰ বিধায়ক অশ্বিনী ৰায় সৰকাৰ। মন্ত্ৰীগৰাকীয়ে নিজ হাতেৰে আশা কৰ্মী আৰু আশা ছুপাৰভাইজাৰসকলৰ মাজত চেক আৰু প্ৰশংসা-পত্ৰ বিতৰণ কৰে।দীৰ্ঘদিন ধৰি তৃণমূল পৰ্যায়ত স্বাস্থ্য সেৱা আগবঢ়োৱাৰ লগতে মাতৃ আৰু শিশু স্বাস্থ্যৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে আশা কৰ্মীসকলে। তেওঁলোকৰ এই অৱদানৰ স্বীকৃতি স্বৰূপে প্ৰদান কৰা হয় এই সন্মান।

উক্ত অনুষ্ঠানত স্বাস্থ্য বিভাগৰ বিষয়া, চিকিৎসক আৰু অঞ্চলটোৰ বহু আশা কৰ্মী উপস্থিত থাকে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande