কংগ্রেছ, ইণ্ডি এলায়েন্স আৰু ভাৰত বিৰোধী শক্তিৰ ওঠৰ ভাষা একেই: দিলীপ শইকীয়া
দেশৰ হকে অপশক্তিৰ বিৰুদ্ধে ওলাই আহিল হাজাৰ হাজাৰ জনতা: দিলীপ শইকীয়া গুৱাহাটী, ১৪ অক্টোবৰ (হি.স.)। অসম প্রদেশ বিজেপিৰ উদ্যোগত আজি গুৱাহাটীৰ খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰৰ পৰা জ্যোতি-বিষ্ণু আন্তৰাষ্ট্ৰীয় কলা মন্দিৰলৈ ''জনজাগৰণ সমদল'' ব
গুৱাহাটীত ৰাজ্যিক বিজেপিৰ প্ৰতিবাদী কাৰ্য্যসূচী


দেশৰ হকে অপশক্তিৰ বিৰুদ্ধে ওলাই আহিল হাজাৰ হাজাৰ জনতা: দিলীপ শইকীয়া

গুৱাহাটী, ১৪ অক্টোবৰ (হি.স.)। অসম প্রদেশ বিজেপিৰ উদ্যোগত আজি গুৱাহাটীৰ খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰৰ পৰা জ্যোতি-বিষ্ণু আন্তৰাষ্ট্ৰীয় কলা মন্দিৰলৈ 'জনজাগৰণ সমদল' বাহিৰ কৰে। কংগ্ৰেছ আৰু ইণ্ডি এলায়েন্সৰ সমৰ্থিত দলসমূহে ভাৰত বিৰোধী শক্তিসমূহৰ সৈতে লগলাগি যি ৰাষ্ট্ৰবিৰোধী কার্যকলাপত লিপ্ত হৈছে তাৰ বিৰুদ্ধে এক ব্যক্তি এক ভোট, দেশৰ যুৱশক্তি একগোট, দেশ বিৰোধীৰ চক্রান্ত আমিয়েই কৰিম ব্যর্থ, জিকিলে সকলো ভাল-হাৰিলে ইভিএম কাল, ককৰোচৰ ভণ্ডামী আঁৰত থাকে বামপন্থী, আমাৰ বাবে ৰাষ্ট্ৰ প্ৰথম তেওঁলোকৰ বাবে পৰিয়াল প্রথম আদি শ্লোগান দি এই 'জনজাগৰণ সমদল' উলিয়ায় । সৰ্বস্তৰৰ ৫০,০০০কৈও অধিক লোকৰ সমাগমেৰে ৰাষ্ট্ৰবিৰোধী শক্তিক ধূলিস্যাৎ কৰাৰ লক্ষ্যৰে আয়োজিত জনজাগৰণ সমদলৰ নেতৃত্ব দিয়ে অসম প্রদেশ বিজেপিৰ সভাপতি দিলীপ শইকীয়াই।

জনজাগৰণ সমদলত সমবেত হোৱা লোকক সম্বোধন কৰি অসম প্রদেশ বিজেপিৰ সভাপতি দিলীপ শইকীয়াই কয় যে দেশৰ হকে গণতন্ত্রক শক্তিশালী কৰাৰ স্বাৰ্থত আৰু দেশ বিৰোধী অপশক্তিৰ বিনাশৰ বাবে আজি শতসহস্রাধিক লোক একত্রিত হ'ল। সভাপতি শইকীয়াই কয় যে ইতিহাস সাক্ষী আছে যেতিয়াই ৰাইজে কংগ্ৰেছক শাসনৰ পৰা আঁতৰাই ৰাখে তেতিয়াই তেওঁলোক অস্থিৰ হৈ পৰে আৰু ৰাষ্ট্ৰবিৰোধী কার্যকলাপত লিপ্ত হয়। এই জনজাগৰণ সমদল সাংবিধানিকভাবে প্রতিষ্ঠিত স্বতন্ত্র গণতান্ত্রিক সংস্থাসমূহৰ স্বতন্ত্রতা লগতে গণতন্ত্ৰৰ তৃতীয় স্তম্ভ ন্যায়পালিকাৰ গৰিমাক ম্লান কৰাৰ বাবে ইণ্ডি এলায়েন্সকে ধৰি ৰাষ্ট্ৰবিৰোধী শক্তিসমূহে যিধৰণে ষড়যন্ত্ৰ কৰিছে তাক আমি সফল হ'বলৈ নিদিও। যদি বিৰোধী দলপতি ৰাহুল গান্ধীৰ হাতত ভোট চুৰিৰ প্ৰমাণ আছে তেনেহ'লে মহামহিম ৰাষ্ট্ৰপতি মহোদয়াক সাক্ষাতৰ সময়ত প্ৰদান নকৰিলে কিয়” বুলি প্ৰশ্নৰ অৱতাৰণা কৰে সভাপতি শইকীয়াই।

নির্বাচন আয়োগে ২২ বছৰ পিছত বিশেষ ভোটাৰ সংশোধন প্ৰক্ৰিয়াৰ জৰিয়তে (এছ আই আৰ) বাদ পৰা প্রায় ১৩.৩ কোটি ভোটাৰৰ ২.৭ কোটি ভোটাৰ মৃত আৰু ১ কোটিতকৈও অধিক ভোটাৰৰ দুই বা তিনি ঠাইত নাম সন্নিবিষ্ট আছে। এনে ক্ষেত্রত এই ভোটাৰখিনিৰ নাম কৰ্তনত ৰাহুল গান্ধীৰ আপত্তি কিয়? লগতে সভাপতি শইকীয়াই এছ আই আৰ প্রক্রিয়া ২০২৪ চনৰ পিছতহে আৰম্ভ হৈছিল। তেন্তে তাৰ পূৰ্বৰ কংগ্ৰেছৰ ধাৰাবাহিক পৰাজয়ৰ দোষ কাৰ ওপৰত জাপি দিব বুলি প্রশ্ন কৰে। বিদেশী শক্তিৰে পৰিচালিত বিৰোধী দলপতি ৰাহুল গান্ধীৰ যদি সাহস আছে নিজেই বিৰোধী দলপতি পদৰ পৰা পদত্যাগ কৰক আৰু ইভিএমত নির্বাচন জিকা কর্ণাটক, হিমাচল প্রদেশ, কেৰেলাত চৰকাৰে শীঘ্ৰে পদত্যাগ কৰি নৈতিকতাৰ পৰিচয় দিয়ক। তাৰ পিছতহে ৰাহুল গান্ধীয়ে আইতাক ইন্দিৰা গান্ধীয়ে অনা ইভিএমৰ ওপৰত প্ৰশ্ন কৰক বুলি মন্তব্য কৰে সভাপতি দিলীপ শইকীয়াই। কর্ণাটক, হিমাচল প্রদেশ, কেৰেলা নতুবা ইণ্ডি এলায়েন্সৰ চৰকাৰ থকা ৰাজ্যবোৰৰ ইভিএম ধৰ্মনিৰপেক্ষ আৰু গণতান্ত্রিক কিন্তু বিজেপিয়ে জয় লাভ কৰা ৰাজ্যবোৰৰ ইভিএমবোৰ সাম্প্রদায়িক আৰু অগণতান্ত্রিক কেনেকৈ হ'ল? ভাৰতৰ নিৰ্বাচন আয়োগৰ ভোটাৰ তালিকাৰ বিশেষ সংশোধন প্রক্রিয়াক (এছআইআৰ) লৈ কংগ্রেছে তথা ইণ্ডি এলায়েন্সে কৰা অপপ্ৰচাৰ আৰু ৰাজনৈতিক কু-অভিসন্ধিক জনতাৰ সন্মুখত উদঙাই দিয়াৰ বাবে যোৱা ১৩ অক্টোবৰৰ পৰা অসম প্ৰদেশ বিজেপিয়ে নলবাৰীৰ পৰা শুভাৰম্ভ কৰা এই বৃহৎ জনজাগৰণ সমদল আজি গুৱাহাটীৰ লগতে যোৰহাট আৰু শিলচৰত হাজাৰ হাজাৰ লোকৰ স্বতঃস্ফূর্ত উপস্থিতিত ৰূপায়িত হয়।

গুৱাহাটীত আয়োজিত জনজাগৰণ সমদলত ভাৰতীয় জনতা পার্টি অসম প্ৰদেশৰ সাংগঠনিক সাধাৰণ সম্পাদক ৰবীন্দ্ৰ ৰাজু, অসম মন্ত্রীসভাৰ কেবিনেট মন্ত্রীদ্বয় ক্রমে বিশ্বজিৎ দৈমাৰী, অজন্তা নেওঁগ, গুৱাহাটী লোকসভাৰ সাংসদ বিজুলী কলিতা মেধি, গুৱাহাটী লোকসভাৰ অন্তৰ্গত বিধায়কসকল ক্রমে দিগ্ধ ৰঞ্জন শৰ্মা, দিগন্ত কলিতা, বিজয় কুমাৰ গুপ্তা, প্ৰদুৎ বৰদলৈ, গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়া, অসম প্রদেশ বিজেপিৰ শীর্ষ নেতৃবৃন্দ তথা গুৱাহাটী লোকসভাৰ বিভিন্ন প্ৰান্তৰ পৰা অহা কার্যকর্তাসকল উপস্থিত থাকে।

যোৰহাটৰ পৰা ২০ সহস্রাধিক লোকৰ উপস্থিতিত উলিওৱা জনজাগৰণ সমদলত অংশগ্ৰহণ কৰি কেবিনেট মন্ত্রী পিযুষ হাজৰিকাই কয় যে ৰাইজক আমি শাসন নকৰো, শোষণ নকৰো। ৰাইজক আমি সমর্পিত মনোভাৱেৰে সেৱা কৰোঁ। সেইবাবে ৰাইজে কংগ্ৰেছ আৰু অপশক্তিৰ বিৰুদ্ধে স্বতঃস্ফূর্তভাবে ওলাই আহি জনজাগৰণ সমদলত অংশগ্ৰহণ কৰিছে। যোৰহাটত আয়োজিত জনজাগৰণ সমদলত কেবিনেট মন্ত্রীদ্বয় ক্রমে ৰামেশ্বৰ তেলী, সুশান্ত বৰগোঁহাই, সাংসদ কামাখ্যা প্রসাদ তাছা, বিধায়কদ্বয় হিতেন্দ্র নাথ গোস্বামী, ৰূপজ্যোতি কুৰ্মী, প্রাক্তন বিধায়ক ৰাণা গোস্বামীকে ধৰি ৰাজ্যিক বিজেপিৰ শীর্ষ নেতৃবৃন্দ আৰু যোৰহাট জিলা বিজেপিৰ সভাপতি তথা বিষয়ববীয়াসকলৰ সৈতে ২০ সহস্রাধিক কাৰ্যকৰ্তাই জনজাগৰণ সমদলত অংশগ্ৰহণ কৰে।

একেদৰে শিলচৰত আয়োজিত জনজাগৰণ সমদলত কেবিনেট মন্ত্রী ক্রমে কৌশিক ৰয়, কৃষ্ণেন্দু পাল, সাংসদ পৰিমল শুক্লবৈদ্য, সাংসদ ড০ ৰাজদ্বীপ ৰয়, বিধায়ক ক্রমে তেৰশ গোৱালা, অমিয়কান্তি দাস, কিশোৰ নাথ, কামাখ্যা দে পুৰকায়স্থ আৰু বৰাকৰ বিভিন্ন শীর্ষ নেতৃবৃন্দৰ লগতে কার্যকর্তাসকল উপস্থিত থাকে।

হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী


 rajesh pande