
পানামা চহৰ, ১৩ অক্টোবৰ (হি.স.)। কেইদিনমান পূৰ্বে পানামাত অনুভূত শক্তিশালী ভূমিকম্পৰ কম্পনৰ আতংক মাৰ নৌযাওতেই পুনৰ আন এক ৬.৪ ৰিখটাৰ স্কেলৰ ভূূঁইকঁপৰ কম্পন অনুভূত হৈছে । ভেৰাগুয়াছ প্ৰদেশৰ ছ’না জিলাখনে আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হোৱাৰ ফলত বাসিন্দাসকলে আতংকিত হৈ ঘৰ এৰি পলায়ন কৰে।
পানামাৰ স্পেনিছ ভাষাৰ দৈনিক কাকত ক্ৰিটিকা (ক্ৰিটিকা)ৰ মতে, স্থানীয় সময় অনুসৰি ১২ অক্টোবৰৰ বিয়লি পানামাৰ লোকসকলক আন এক ভূমিকম্পই আতংকিত কৰি তুলিছিল। ভূমিকম্পৰ ফলত সোণা জিলাত বিদ্যুৎ বিচ্ছিন্ন হৈ পৰে। ইফালে সেইদিনা সন্ধিয়া ৬:২০ বজাত আন এটা ৬.৪ প্ৰাবল্যৰ ভূমিকম্প হয়, যাৰ গভীৰতা ২ কিলোমিটাৰ আছিল । ইয়াৰ কেন্দ্ৰবিন্দু আছিল পানামাৰ ভূখণ্ডৰ ক’ইবা দ্বীপৰ পৰা ২৯ কিলোমিটাৰ উত্তৰ-পূবে ।
মন কৰিবলগীয়া যে শুকুৰবাৰে লছ ছান্টোছ প্ৰদেশৰ ট’ন’চি অঞ্চলত ৭.৭ ৰিখটাৰ স্কেলৰ ভূমিকম্পৰ মাত্ৰ তিনিদিন পিছতে এই শেহতীয়া ভূমিকম্পটো সংঘটিত হয়। ভাৰতৰ ৰাষ্ট্ৰীয় ভূমিকম্পবিজ্ঞান কেন্দ্ৰ (এন চি এছ)ৰ তথ্য অনুসৰি শেহতীয়া ভূমিকম্পৰ প্ৰাবল্য আছিল ৬.১। ভাৰতীয় সময় অনুসৰি পুৱা ৪:৫০:৩৭ বজাত সংঘটিত হয় এই ভূমিকম্প। ইয়াৰ গভীৰতা আছিল ১০ কিলোমিটাৰ মাটিৰ তলত। এই শেহতীয়া ভূমিকম্পৰ ফলত হোৱা ক্ষয়-ক্ষতিৰ বিষয়ে বৰ্তমান জানিব পৰা হোৱা নাই ।
শুকুৰবাৰে লছ ছান্টোছ প্ৰদেশৰ ট’ন’চি অঞ্চলত হোৱা ভূমিকম্পৰ পিছত পানামাৰ ৰাজহুৱা পৰিবহণ আৰু বিমান সেৱাও ক্ষতিগ্ৰস্ত হয়। সাৱধানতা স্বৰূপে দেশৰ দুটা মেট্ৰ’ লাইনত সেৱা বন্ধ কৰি দিয়া হয়। মূল আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰটোও কিছু সময়ৰ বাবে বন্ধ কৰি দিয়া হৈছিল। আটাইতকৈ বেছি ক্ষতিসাধন হৈছে দক্ষিণ উপকূলীয় প্ৰদেশ কক্লেত। ৰাজধানী পানামা চহৰতো কিছু ক্ষতিসাধন হয়।
--------------
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ