বিমান পৰিচাৰিকাক আক্ৰমণ কৰি গ্ৰেপ্তাৰ হলিউডৰ অভিনেত্ৰী ব্লেয়াৰ
নিউয়ৰ্ক (আমেৰিকা), ১৩ অক্টোবৰ (হি.স.)। হলিউডৰ অভিনেত্ৰী চেলমা ব্লেয়াৰক জন এফ কেনেডি আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা আৰক্ষীয়ে আটক কৰি ৰাখিছে। লছ এঞ্জেলছৰ পৰা নিউয়ৰ্ক অভিমুখী ডেল্টা এয়াৰলাইন্সৰ বিমানত অৱতৰণ কৰাৰ লগে লগে গ্ৰেপ্তাৰ কৰে অভিনেত্ৰীগৰ
हॉलीवुड अभिनेत्री सेल्मा ब्लेयर । फोटो - इंटरनेट मीडिया


নিউয়ৰ্ক (আমেৰিকা), ১৩ অক্টোবৰ (হি.স.)। হলিউডৰ অভিনেত্ৰী চেলমা ব্লেয়াৰক জন এফ কেনেডি আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা আৰক্ষীয়ে আটক কৰি ৰাখিছে। লছ এঞ্জেলছৰ পৰা নিউয়ৰ্ক অভিমুখী ডেল্টা এয়াৰলাইন্সৰ বিমানত অৱতৰণ কৰাৰ লগে লগে গ্ৰেপ্তাৰ কৰে অভিনেত্ৰীগৰাকীক। তেওঁৰ বিৰুদ্ধে বিমান যাত্ৰাৰ সময়ত দুগৰাকী বিমান পৰিচাৰিকাক আক্ৰমণ কৰাৰ অভিযোগ উঠিছে। তদুপৰি ব্লেয়াৰে চিকিৎসালয়লৈ নিয়াৰ সময়ত এগৰাকী মহিলা আৰক্ষী বিষয়া আৰু এগৰাকী নাৰ্ছক আক্ৰমণ কৰাৰো অভিযোগ উত্থাপন হৈছে।

নিউয়ৰ্ক আৰু নিউ জাৰ্চিৰ বন্দৰ কৰ্তৃপক্ষৰ উদ্ধৃতি দি চিএনবিচিৰ এক প্ৰতিবেদনত কোৱা হৈছে যে তেওঁক আৰক্ষীয়ে দেওবাৰে নিশা প্ৰায় ১১ বজাত গ্ৰেপ্তাৰ কৰে। ব্লেয়াৰৰ উপৰিও আহত বিমান পৰিচাৰিকাসকলৰ এজনক চিকিৎসা পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ লৈ যোৱা হয়। খবৰ অনুসৰি আক্ৰমণৰ সময়ত ব্লেয়াৰে বিমান পৰিচাৰিকাক কামুৰিলে। আৰক্ষীৰ মতে, জামাইকা হাস্পতাললৈ নিয়াৰ সময়তে এগৰাকী মহিলা আৰক্ষী বিষয়াক আক্ৰমণ কৰে ব্লেয়াৰে। এগৰাকী নাৰ্চেও অভিনেত্ৰীগৰাকীয়ে তেওঁক আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন কৰিছে।

সোমবাৰে সন্ধিয়া কুইন্সৰ আদালতত ব্লেয়াৰৰ বিৰুদ্ধে দুটাকৈ আক্ৰমণৰ অভিযোগ উত্থাপন কৰা হয়। ন্যায়াধীশে ২০ হাজাৰ ডলাৰৰ নগদ বণ্ড বা ৬০ হাজাৰ ডলাৰৰ জামিন বণ্ডত জামিন মঞ্জুৰ কৰে। পৰৱৰ্তী আদালতৰ শুনানি ১৯ জানুৱাৰীত অনুষ্ঠিত হ’ব। ডেল্টা এয়াৰলাইন্স আৰু ফেডাৰেল ব্যুৰো অৱ ইনভেষ্টিগেশ্যনে (এফ বি আই) এই সন্দৰ্ভত সবিশেষ শ্বেয়াৰ কৰা নাই। ৫৪ বছৰীয়া ব্লেয়াৰে ক্ৰুৱেল ইনটেনচনছ, লিগেলি ব্লণ্ড, হেলবয় আদি ছবিত অভিনয় কৰিছে।

জামিন লাভ কৰাৰ পিছতো তেওঁৰ অধিবক্তাই সংবাদ মাধ্যমৰ সৈতে কথা পতা নাছিল। সূত্ৰৰ পৰা জানিব পৰা মতে, ঘটনাৰ সময়ত ব্লেয়াৰৰ লগত এটা কুকুৰ আছিল। তাইৰ অধিবক্তাই চিকিৎসালয়ত তাইক লগ কৰি কুকুৰটোক লগত লৈ গৈছিল। ব্লেয়াৰৰ এজন প্ৰতিনিধিয়ে কয় যে বিমানখনত অভিনেত্ৰীগৰাকীয়ে মানসিক বিসংগতিৰ সন্মুখীন হৈছিল, যাৰ ফলত এই অভিযোগ উত্থাপন হৈছিল। মন কৰিবলগীয়া যে ২০১৮ চনত ব্লেয়াৰে প্ৰকাশ কৰিছিল যে তেওঁৰ মাল্টিপল স্ক্লেৰচিছ হৈছে।

ব্লেয়াৰৰ সৈতে জড়িত এয়া প্ৰথম এনে ঘটনা নহয়। ২০১৬ চনত কেনকুনৰ পৰা লছ এঞ্জেলছলৈ যোৱা এখন বিমানত হুলস্থুলৰ সৃষ্টি কৰিছিল। মদ আৰু ড্ৰাগছ সেৱন কৰি তাই যে অচেতন হৈ পৰিছিল সেয়া স্পষ্ট হৈ পৰিছিল আৰু তাইৰ আচৰণৰ বাবে ক্ষমা বিচাৰিছিল।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande