১৩ ৰ পৰা ৩১ অক্টোবৰলৈ বিজেপি অসম প্রদেশৰ ৰাজ্যজুৰি 'জনজাগৰণ সমদল'
নলবাৰীৰ পৰা শুভাৰম্ভ, ১৪ অক্টোবৰত গুৱাহাটীত কাৰ্যসূচী নলবাৰী, ১৩ অক্টোবৰ (হি.স.)। কংগ্ৰেছ আৰু ''ইণ্ডি'' মিত্রজোঁটে আন্দোলন, ৰাজনৈতিক উচতনি আৰু দেশৰ ন্যায়পালিকা তথা সাংবিধানিক অনুষ্ঠানসমূহৰ বিৰুদ্ধে ভিত্তিহীন অভিযোগ উত্থাপন কৰি সৃষ্টি কৰিব বিচৰা
নলবাৰীত 'জনজাগৰণ সমদল'


নলবাৰীৰ পৰা শুভাৰম্ভ, ১৪ অক্টোবৰত গুৱাহাটীত কাৰ্যসূচী

নলবাৰী, ১৩ অক্টোবৰ (হি.স.)। কংগ্ৰেছ আৰু 'ইণ্ডি' মিত্রজোঁটে আন্দোলন, ৰাজনৈতিক উচতনি আৰু দেশৰ ন্যায়পালিকা তথা সাংবিধানিক অনুষ্ঠানসমূহৰ বিৰুদ্ধে ভিত্তিহীন অভিযোগ উত্থাপন কৰি সৃষ্টি কৰিব বিচৰা অস্থিৰতাৰ বিৰুদ্ধে বিজেপি অসম প্রদেশে আজি নলবাৰীৰ পৰা ৰাজ্যজোৰা 'জন জাগৰণ সমদল'ৰ শুভাৰম্ভ কৰে।

এক প্রেছ বিজ্ঞপ্তিযোগে বিজেপি অসম প্ৰদেশৰ পেনেলিষ্ট ধর্মকান্ত গগৈয়ে কয় যে নলবাৰীত অনুষ্ঠিত প্ৰথমটো সমদলত দলৰ ৰাজ্যিক সভাপতি তথা সাংসদ দিলীপ শইকীয়া, ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক ৰবীন্দ্ৰ ৰাজু, মন্ত্রী জয়ন্ত মল্লবৰুৱা, জ্যেষ্ঠ নেতা চন্দ্রমোহন পাটোৱাৰী, বিধায়ক নাৰায়ণ ডেকাৰ লগতে সহস্রাধিক দলীয় কর্মী আৰু যুৱপ্ৰজন্মই অংশগ্রহণ কৰে। ভাৰতীয় নির্বাচন আয়োগৰ ভোটাৰ তালিকাৰ বিশেষ সংশোধন (এছ আই আৰ) প্রক্রিয়াক লৈ কংগ্রেছে সৃষ্টি কৰা অপপ্ৰচাৰ আৰু ৰাজনৈতিক অস্থিৰতাৰ বিৰুদ্ধে জনমত গঢ়ি তোলাটোৱেই এই কাৰ্যসূচীৰ মুখ্য উদ্দেশ্য। দলটোৰ মতে, সুস্থ গণতন্ত্ৰ ৰক্ষা, সাংবিধানিক প্রতিষ্ঠানসমূহৰ সুদৃঢ়কৰণ আৰু জনতা ৰায়ৰ প্ৰতি ন্যায়ৰ স্বার্থত এখন সঠিক আৰু নির্ভুল ভোটাৰ তালিকা নিতান্তই অপৰিহাৰ্য।

গগৈয়ে অৱগত কৰে যে ১৪ অক্টোবৰত গুৱাহাটীত এই কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব আৰু পৰ্যায়ক্রমে ৩১ অক্টোবৰলৈকে শিলচৰ, তেজপুৰ, বৰপেটা, যোৰহাট, ডিব্ৰুগড়কে ধৰি ৰাজ্যৰ বিভিন্ন প্রান্তলৈ এই সমদল সম্প্ৰসাৰিত কৰা হ'ব। নির্বাচনী ফলাফলক লৈ কংগ্ৰেছৰ সুবিধাবাদী আৰু দ্বিমুখী ভূমিকাক তীব্র সমালোচনা কৰি মিডিয়া পেনেলিষ্ট ধর্মকান্ত গগৈয়ে প্রশ্ন কৰে যে একেটা নির্বাচন আয়োগৰ অধীনতে নির্বাচনত অৱতীৰ্ণ হৈ দলটোৱে বিভিন্ন ৰাজ্যত জয়লাভ কৰা নাইনে? তেওঁ উদাহৰণ দাঙি ধৰি কয় যে ঝাৰখণ্ড, কেৰালা আৰু তামিলনাডুত কংগ্রেছ-মিত্ৰজোঁটৰ চৰকাৰ গঠন, মহাৰাষ্ট্ৰ আৰু হাৰিয়ানাত আশাব্যঞ্জক প্রদর্শন, পঞ্জাৱ আৰু হিমাচল প্ৰদেশৰ চৰকাৰ তথা শেহতীয়া ২০২৪ চনৰ লোকসভা নির্বাচনত দলটোৱে লাভ কৰা ৯৯ খন আসনৰ সময়ত নির্বাচন আয়োগৰ নিৰপেক্ষতাক লৈ কোনো প্রশ্ন উত্থাপন নহয়, অথচ পৰাজয়ৰ মুখ দেখিলেই আয়োগৰ ওপৰত ভিত্তিহীন দোষাৰোপ কৰা হয়।

তেওঁ পুনৰ উল্লেখ কৰে যে এই 'জন জাগৰণ সমদল'ৰ জৰিয়তে বিজেপি অসম প্রদেশে ৰাজ্যজুৰি নির্বাচনী স্বচ্ছতা, প্রতিষ্ঠানিক বিশ্বাসযোগ্যতা আৰু গণতান্ত্রিক দায়বদ্ধতাৰ বাৰ্তা প্ৰেৰণ কৰাৰ উপৰিও শান্তি, একতা আৰু নিৰৱচ্ছিন্ন বিকাশৰ গুৰুত্ব জনসাধাৰণৰ মাজলৈ লৈ যাব। দেশৰ উন্নয়ন আৰু প্ৰগতিৰ যাত্ৰাত বাধা সৃষ্টি কৰিব বিচৰা সকলো অপশক্তিক প্রতিহত কৰাৰ বাবে বিজেপি প্রতিশ্রুতিবদ্ধ বুলি তেওঁ দোহাৰে।

হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী


 rajesh pande