২০২৬ বৰ্ষৰ ছেপ্টেম্বৰ মাহৰ সময়চোৱাত উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ মাল পৰিবহণত ৪৬.৫% বৃদ্ধি
গুৱাহাটী, ১৩ অক্টোবৰ (হি.স.)। উত্তৰ-পূব সীমান্ত ৰে’লৱেই ২০২৬ বৰ্ষৰ ছেপ্টেম্বৰ মাহৰ সময়চোৱাত মালবস্তু পৰিবহণৰ ক্ষেত্ৰত উল্লেখযোগ্য প্ৰদৰ্শনেৰে মুঠ ১.১৩৪ মিলিয়ন টন মাল লোডিং কৰিবলৈ সক্ষম হয়। আনহাতে ২০২৫ বৰ্ষৰ ছেপ্টেম্বৰ মাহৰ সময়চোৱাত ০.৭৭৪ মিলিয়ন টন
২০২৬ বৰ্ষৰ ছেপ্টেম্বৰ মাহৰ সময়চোৱাত উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ মাল পৰিবহণত ৪৬.৫% বৃদ্ধি


গুৱাহাটী, ১৩ অক্টোবৰ (হি.স.)। উত্তৰ-পূব সীমান্ত ৰে’লৱেই ২০২৬ বৰ্ষৰ ছেপ্টেম্বৰ মাহৰ সময়চোৱাত মালবস্তু পৰিবহণৰ ক্ষেত্ৰত উল্লেখযোগ্য প্ৰদৰ্শনেৰে মুঠ ১.১৩৪ মিলিয়ন টন মাল লোডিং কৰিবলৈ সক্ষম হয়। আনহাতে ২০২৫ বৰ্ষৰ ছেপ্টেম্বৰ মাহৰ সময়চোৱাত ০.৭৭৪ মিলিয়ন টন মাল লোডিং কৰাৰ তুলনাত এইবাৰ উল্লেখনীয়ভাৱে ৪৬.৫% বৃদ্ধি পঞ্জীয়ন কৰে।

২০২৬ বৰ্ষৰ এপ্ৰিলৰ পৰা ছেপ্টেম্বৰলৈকে সৰ্বমুঠ মাল লোডিঙৰ পৰিমাণ ৬.২২৬ মিলিয়ন টন পৰ্যন্ত হয় যি বিগত বিত্তীয় বৰ্ষৰ এই একেই সময়ছোৱাত পঞ্জীয়ন কৰা ৫.৫৫৭ মিলিয়ন টনৰ তুলনাত ১২% বৃদ্ধিক চিহ্নিত কৰিছে।

ছেপ্টেম্বৰ মাহত মাল লোডিঙৰ দিশত এই বৃদ্ধি আছিল কেইবাটাও গুৰুত্বপূৰ্ণ সামগ্ৰীৰ শিতানত হোৱা এক শক্তিশালী প্ৰদৰ্শনৰ পৰিণামস্বৰূপ। খাদ্যশস্যৰ লোডিং ৬১০% বৃদ্ধি হৈ ০.০৭১ মিলিয়ন টনত উপনীত হয়। ফল-মূল, শাক-পাচলি আৰু কাঠকে ধৰি বিবিধ সামগ্ৰীৰ লোডিঙত ১৫৭%তকৈ অধিক বৃদ্ধি পঞ্জীয়ন কৰা হয়। আনহাতে, চিমেণ্ট আৰু সাৰৰ লোডিঙত ক্ৰমে ২৯৫% আৰু ২০০% উল্লেখযোগ্য বৃদ্ধি হয় লগতে ডলোমাইটৰ লোডিং ৫২% বৃদ্ধি পোৱাৰ বিপৰীতে কণ্টেইনাৰ পৰিবহণত ১৭.৬% বৃদ্ধি পঞ্জীয়ন কৰা হয়।

২০২৬ বৰ্ষৰ এপ্ৰিলৰ পৰা ছেপ্টেম্বৰলৈকে হোৱা সামগ্ৰিক প্ৰদৰ্শনতো এই ইতিবাচক ধাৰা প্ৰতিফলিত হৈছে। এই সময়ছোৱাত চিমেণ্টৰ লোডিঙত ১৮১% উল্লেখযোগ্য বৃদ্ধি হয়, আনহাতে ডলমাইটৰ লোডিং ৩৬.৭% বৃদ্ধি হয়। বিগত বিত্তীয় বৰ্ষৰ এই একেই সময়ছোৱাৰ তুলনাত কয়লা আৰু কণ্টেইনাৰ পৰিবহণতো যথাক্ৰমে ৮.২% আৰু ৯.৬% বৃদ্ধি পঞ্জীয়ন কৰা হয়।

মাল পৰিবহণৰ এই ধাৰাবাহিক বৃদ্ধিয়ে উন্নত পৰিচালনগত দক্ষতা, মাল পৰিবহণকাৰী গ্ৰাহকসকলৰ সৈতে অধিক সমন্বয় আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ পৰিবহণৰ দিশত অধিক সুসংগত কৰাৰ জৰিয়তে মাল পৰিবহণ সেৱা শক্তিশালী কৰাৰ ক্ষেত্ৰত উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ অবিৰত প্ৰচেষ্টাকে প্ৰতিফলিত কৰিছে। ৰে’লৱেই মাল পৰিবহণৰ পৰিসৰ সম্প্ৰসাৰণ, অঞ্চলটোৰ ক্ৰমবৰ্ধমান মাল সৰবৰাহৰ প্ৰয়োজনীয়তা পূৰণ আৰু নিৰ্ভৰযোগ্য, দক্ষ তথা গ্ৰাহকমুখী মাল পৰিবহণ সেৱা প্ৰদানৰ ওপৰত গুৰুত্ব আৰোপ কৰি আহিছে।

উৎকৃষ্ট সেৱা আৰু পৰিচালনগত প্ৰদৰ্শনৰ দিশত অবিৰত দায়বদ্ধতাৰে উত্তৰ-পূব সীমান্ত ৰে’লৱেই উত্তৰ-পূৰ্বাঞ্চল আৰু ইয়াৰ বাহিৰেও অন্যান্য অঞ্চলসমূহত আঞ্চলিক অৰ্থনৈতিক কাৰ্যকলাপক সমৰ্থন কৰাৰ লগতে ৰে’লভিত্তিক লজিষ্টিকছ ব্যৱস্থা অধিক শক্তিশালী কৰাৰ বাবে সদায় প্ৰতিশ্ৰুতিবদ্ধ।

হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী


 rajesh pande