(আপডেট)বৰপেটাৰোডত ট্ৰাকৰ খুন্দাত গুৰুতৰভাৱে আহত বাইক আৰোহী
বৰপেটা, ১৩ অক্টোবৰ (হি.স.)। বৰপেটা ৰোডৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত আজি এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। গুৱাহাটীৰ পৰা বৰপেটা ৰোড অভিমুখে আহিএখন মালবাহী ট্ৰাক আৰু একে দিশৰ পৰা আহি থকা এখন মটৰ চাইকেলৰ সংঘৰ্ষত মটৰচাইকেল চালকজন গুৰুতৰভাৱে আহত হয়। গুৰুতৰ
(আপডেট)বৰপেটাৰোডত ট্ৰাকৰ খুন্দাত গুৰুতৰভাৱে আহত বাইক আৰোহী


বৰপেটা, ১৩ অক্টোবৰ (হি.স.)। বৰপেটা ৰোডৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত আজি এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। গুৱাহাটীৰ পৰা বৰপেটা ৰোড অভিমুখে আহিএখন মালবাহী ট্ৰাক আৰু একে দিশৰ পৰা আহি থকা এখন মটৰ চাইকেলৰ সংঘৰ্ষত মটৰচাইকেল চালকজন গুৰুতৰভাৱে আহত হয়। গুৰুতৰ ভাবে আহত বাইক চালক গৰাকীক বৰপেটা মেডিকেল কলেজলৈ প্ৰেৰণ কৰে। ব্যক্তি গৰাকীৰ পৰিচয় বৰ্তমানো উদ্ধাৰ হোৱা নাই।

বৰপেটা ৰোডৰ গোপাল হোণ্ডাৰ সমীপত সংঘটিত এই দুৰ্ঘটনাটোত জেকে ০২চিডি ৯১০৮ নম্বৰৰ মালবাহী ট্ৰাকখনে এএছ ২৬জি ৯৩৮৩ নম্বৰৰ হিৰো মটৰচাইকেল খনক সজোৰে খুন্দিয়ায়। ফলত মটৰচাইকেল চালক জনৰ এখন ভৰি চিঙি যায় বুলি জানিব পৰা গৈছে। দুৰ্ঘটনাৰ পিছতে গুৰুতৰভাৱে আহত ব্যক্তিজনক চিকিৎসাধীন কৰাৰ পৰিৱৰ্তে ঘটনাস্থলীৰ পৰা আঁতৰি যায় আৰু আনহাতে ট্ৰাক খনৰ চালক জনেও ঘটনাস্থলীৰ পৰা পলায়ন কৰে।

এই ভয়ংকৰ দুৰ্ঘটনাৰ ফলত ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত কিছু সময়ৰ বাবে যান-বাহন চলাচল সম্পূৰ্ণৰূপে স্তব্ধ হৈ পৰে, যাৰ বাবে পথৰ দুয়োকাষে বহু বাহন আৱদ্ধ হৈ পৰে।

ঘটনাৰ খবৰ পোৱাৰ লগে লগে শিমালগুৰি আৰক্ষীৰ এটা দল তাৎক্ষণিকভাৱে ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনিবলৈ সক্ষম হয়। বৰ্তমান আৰক্ষীয়ে সমগ্ৰ ঘটনাটোৰ তদন্ত আৰম্ভ কৰাৰ লগতে পলায়ন কৰা ট্ৰাক চালকজনৰ সন্ধান অব্যাহত ৰাখিছে।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande