
নতুন দিল্লী, ১২ অক্টোবৰ (হি.স.)। নিৰাপত্তাজনিত কাৰণত আজি পুৱা ৬ বজাৰ পৰা বিয়লি ৪ বজালৈ ৬টা ডাঙৰ দিল্লী মেট্ৰ’ ষ্টেচনৰ প্ৰৱেশ আৰু প্ৰস্থান গেট বন্ধ থাকিব। দিল্লী মেট্ৰ’ ৰে’ল নিগমে আপডেট কৰিছে যে এই ব্যৱস্থা ১২ অক্টোবৰৰ পৰা কাৰ্যকৰী হৈ থাকিব।
ডি এম আৰ চিৰ তথ্য অনুসৰি পেটেল চক, জনপথ, ৰাজীৱ চক, মণ্ডী হাউচ, কেন্দ্ৰীয় সচিবালয়, আৰু বাৰাখাম্বা ৰোড মেট্ৰ’ ষ্টেচনৰ প্ৰৱেশ আৰু প্ৰস্থান গেট বন্ধ থাকিব। এই সময়ছোৱাত নিৰাপত্তা সংস্থাসমূহে পৰিস্থিতি পুনৰীক্ষণ কৰিব। অৱশ্যে এই সকলোবোৰ মেট্ৰ’ ষ্টেচনতে আদান-প্ৰদানৰ সুবিধা উপলব্ধ হৈ থাকিব । যাত্ৰীসকলক সেই অনুসৰি যাত্ৰাৰ পৰিকল্পনা কৰিবলৈ পৰামৰ্শ দিয়া হৈছে ।
--------------
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ