বেলুচিস্তানৰ পাঞ্জগুৰত সশস্ত্ৰ লোকৰ আক্ৰমণত ধ্বংস দুখন সেনাবাহিনীৰ বাহন
কুৱেটা (বেলুচিস্তান), পাকিস্তান, ১১ অক্টোবৰ (হি.স.)। বেলুচিস্তানৰ পাঞ্জগুৰ জিলাৰ পাঞ্চিত পাকিস্তানী সেনাৰ বাহনত অস্ত্ৰধাৰী লোকে আক্ৰমণ কৰে । স্বয়ংক্ৰিয় অস্ত্ৰ ব্যৱহাৰ কৰি এই আক্ৰমণত সেনাবাহিনীৰ দুখন বাহন ধ্বংস কৰা হয়। এই আক্ৰমণত কেইবাজনো জোৱান ন
b31437c58102d999de0302df902a84e7_799796739.jpg


কুৱেটা (বেলুচিস্তান), পাকিস্তান, ১১ অক্টোবৰ (হি.স.)। বেলুচিস্তানৰ পাঞ্জগুৰ জিলাৰ পাঞ্চিত পাকিস্তানী সেনাৰ বাহনত অস্ত্ৰধাৰী লোকে আক্ৰমণ কৰে । স্বয়ংক্ৰিয় অস্ত্ৰ ব্যৱহাৰ কৰি এই আক্ৰমণত সেনাবাহিনীৰ দুখন বাহন ধ্বংস কৰা হয়। এই আক্ৰমণত কেইবাজনো জোৱান নিহত বা আহত হোৱাৰ আশংকা কৰা হৈছে।

আজি দ্য বেলুচিস্তান পোষ্টত প্ৰকাশিত এক বাতৰি অনুসৰি শনিবাৰে সংঘটিত হয় এই আক্ৰমণ। লগতে সেইদিনা কালাট জিলাৰ দষ্ট-ই-বাবা অঞ্চলত পাকিস্তানী সেনাবাহিনীৰ ওপৰত অস্ত্ৰধাৰী লোকে তীব্ৰ আক্ৰমণ চলায়। এই আক্ৰমণত জোৱান নিহত আৰু আহত হোৱাৰ খবৰ পোৱা গৈছে। আক্ৰমণৰ কেইমিনিটমান পিছতে নুস্কি জিলাৰ ৰিকোত থকা সেনা শিবিৰলৈ ৰেচন কঢ়িয়াই অনা এখন বাহন জব্দ কৰে অস্ত্ৰধাৰী লোকে। কালিৰ আক্ৰমণৰ দায়িত্ব এতিয়াও কোনো সংগঠনে স্বীকাৰ কৰা নাই।

শনিবাৰে এই মিডিয়া প্লেটফৰ্মৰ এক প্ৰতিবেদন অনুসৰি প্ৰদেশখনৰ বৰখান অঞ্চলৰ সাৰতীত ১০ জন লোকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। কোহলু জিলাৰ বিভিন্ন অঞ্চলৰ বাসিন্দা বুলি চিনাক্ত কৰা হৈছে। চিনাক্ত হোৱা ব্যক্তি কেইজনৰ ভিতৰত আছে পাইন্দা খান, হাছান খান, শ্বেৰ মহম্মদ ইকবাল খান, মাজাৰ খান, দীন মহম্মদ, গহৰ মহম্মদ, ৱাজিৰ খান, দমাৰ বখছ, আৰু চৈয়দ খান। ইয়াৰে এজন ইকবাল নবাবক ২০২৫ চনৰ ২৬ ডিচেম্বৰত বৰখান জিলাৰ অধিবেশন আদালতৰ সন্মুখত পাকিস্তানী সেনাই অপহৰণ কৰিছিল। ইফালে সন্ত্ৰাসবাদ বিৰোধী বিভাগে দাবী কৰিছে যে বৰখান অঞ্চলত সংঘটিত হোৱা এনকাউণ্টাৰত ১০টা সন্ত্ৰাসবাদী নিহত হৈছে।

--------------

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande