লং মাৰ্চৰ মাজতে পাকিস্তানৰ খাইবাৰ পখতুনখোৱাত যিকোনো সময়তে জৰুৰীকালীন অৱস্থা ঘোষণা
ইছলামাবাদ, ১১ অক্টোবৰ (হি.স.)। পাকিস্তান তেহৰিক-ই-ইনছাফে ইছলামাবাদ অভিমুখে দীঘলীয়া যাত্ৰাৰ মাজতে যিকোনো সময়তে খাইবাৰ পখতুনখোৱা (কেপি)ত জৰুৰীকালীন অৱস্থা ঘোষণা কৰিব পাৰে ফেডাৰেল চৰকাৰে। শনিবাৰে ৰাজধানী আইৱান-ই-ছাদৰত প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফ আ
4e075844d2e00e4c800c8c62716bed8c_1788134198.jpg


ইছলামাবাদ, ১১ অক্টোবৰ (হি.স.)। পাকিস্তান তেহৰিক-ই-ইনছাফে ইছলামাবাদ অভিমুখে দীঘলীয়া যাত্ৰাৰ মাজতে যিকোনো সময়তে খাইবাৰ পখতুনখোৱা (কেপি)ত জৰুৰীকালীন অৱস্থা ঘোষণা কৰিব পাৰে ফেডাৰেল চৰকাৰে। শনিবাৰে ৰাজধানী আইৱান-ই-ছাদৰত প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফ আৰু ৰাষ্ট্ৰপতি আছিফ আলী জাৰ্দাৰীৰ মাজত চলি থকা দীঘলীয়া বিতৰ্কৰ পিছতে খাইবাৰ পখতুনখোৱাত এই সিদ্ধান্ত লোৱা হৈছে।

দ্য নিউজৰ বাতৰি অনুসৰি, পৰৱৰ্তী সময়ত আইৱান-ই-ছাদৰত উপ-প্ৰধানমন্ত্ৰী তথা বৈদেশিক মন্ত্ৰী ইছহাক দাৰ, ৰাজনৈতিক পৰিক্ৰমা উপদেষ্টা ৰানা ছানাউল্লাহ, গৃহমন্ত্ৰী মহছিন নাকভি, আইন মন্ত্ৰী আজাম নাজিৰ তাৰাৰ আদিৰ উপস্থিতিত দুয়োটা দলৰ সৈতে পৰামৰ্শ লোৱা হয়। আনসকলৰ ভিতৰত আছিল পিপিপিৰ চিনেটৰ শ্বেৰী ৰেহমান, চৈয়দ নবীদ কামাৰ, চিনেটৰ ছালিম মাণ্ডভিৱালা, আৰু ড০ অসীম হুছেইন।

এই পৰিঘটনাৰ পিছত ৰাষ্ট্ৰপতি সদনৰ পৰা জাৰি কৰা এক বিবৃতিত কোৱা হৈছে যে, “আইৱান-ই-ছাদৰত অনুষ্ঠিত হোৱা বৈঠকত ১৩ অক্টোবৰত ৰাষ্ট্ৰীয় বিধানসভা আৰু চেনেটৰ পৃথক অধিবেশন আহ্বান কৰাৰ কথা সন্মত হৈছিল।” সূত্ৰসমূহে জনোৱা মতে, আজি পুৱা ৯:৩০ বজাত কেপিত জৰুৰীকালীন অৱস্থা জাৰি কৰাত অনুমোদন জনোৱাৰ বাবে ফেডাৰেল কেবিনেট বৈঠক আহ্বান কৰা হয়। জৰুৰীকালীন অৱস্থা জাপি দিয়াৰ ক্ষেত্ৰত সহমতত উপনীত হ’ল। ইফালে, প্ৰধানমন্ত্ৰী শ্বাহবাজে জমিয়ত উলেমা-ই-ইছলামৰ মুৰব্বী মৌলানা ফজলুৰ ৰেহমানক ফোন কৰি উমৰাহ কৰাৰ বাবে অভিনন্দন জনায়।

প্ৰধানমন্ত্ৰীয়ে ৰেহমানক প্ৰধানমন্ত্ৰীৰ বাসগৃহত এখন বৈঠকলৈ আমন্ত্ৰণ জনায়। প্ৰধানমন্ত্ৰীৰ প্ৰস্তাৱ তেওঁ মানি ল’লে। বৈঠকৰ সময়ত মৌলানা ফজলুৰ ৰেহমানে পুনৰবাৰ প্ৰধানমন্ত্ৰীক পৰামৰ্শ দিয়ে যে দেশত চলি থকা ৰাজনৈতিক সংকটৰ সমাধানৰ বাবে পিটিআইৰ সৈতে আলোচনা হ’ব লাগে। সূত্ৰসমূহে জনোৱা মতে, কেপিত ৰাজ্যপালৰ শাসন বা জৰুৰীকালীন অৱস্থা জাপি দিয়াৰ পৰিৱৰ্তে তেওঁ আলোচনাৰ জৰিয়তে সমস্যাটো সমাধান কৰাৰ পৰামৰ্শ আগবঢ়ায়।

প্ৰধানমন্ত্ৰীয়ে তেওঁক বিৰোধীৰ সৈতে যোগাযোগ স্থাপনৰ বাবে চৰকাৰে কৰা প্ৰচেষ্টাৰ বিষয়ে বিতংভাৱে অৱগত কৰে। এই সন্দৰ্ভত তেওঁৰ দলৰ মূল সমিতিখনক আস্থাত ল’বলৈ প্ৰধানমন্ত্ৰীক আহ্বান জনায় জুই-এফৰ মুৰব্বীগৰাকীয়ে। ইফালে কেপিৰ ৰাজ্যপাল ফৈছাল কৰিম কুণ্ডীয়ে কয় যে প্ৰদেশখনত জৰুৰীকালীন অৱস্থা বা ৰাজ্যপালৰ শাসন জাৰি কৰাৰ যিকোনো আনুষ্ঠানিক সিদ্ধান্ত দেওবাৰে ফেডাৰেল কেবিনেটে ল’ব।

ইফালে গৃহমন্ত্ৰী মহছিন নাকৱীয়ে উল্লেখ কৰে যে জৰুৰীকালীন অৱস্থাৰ পৰা হাত সাৰি থকাৰ সম্ভাৱনা কম। সাংবাদিকৰ সৈতে হোৱা এক অনানুষ্ঠানিক আলোচনাত গৃহমন্ত্ৰীয়ে আৰু কোনো বিকল্প উপলব্ধ নহয় বুলি উল্লেখ কৰে। আনুষ্ঠানিক অধিসূচনা অনুসৰি ১০ অক্টোবৰৰ পৰা ৮ নৱেম্বৰলৈ ৰাৱালপিণ্ডি জিলাত ১৪৪ ধাৰা জাৰি কৰা হৈছে।লক্ষনীয় যে উচ্ছেদ প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ দলে ৪ অক্টোবৰত এই দীঘলীয়া পদযাত্ৰা আৰম্ভ কৰিছিল । খাইবাৰ পখতুনখোৱাত ইমৰাণ খানৰ দল ক্ষমতাত আছে।

--------------

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande