
বুখাৰেষ্ট, ১১ অক্টোবৰ (হি.স.)। কৃষ্ণ সাগৰত আক্ৰমণৰ বলি হোৱা বাণিজ্যিক জাহাজ এম ভি ৰ’য়াদ মামাড’ভৰ পৰা উদ্ধাৰ হোৱা তিনিজন ভাৰতীয় নাগৰিকে শনিবাৰে ৰোমানিয়াৰ পৰা নিজৰ গৃহভূমিলৈ ৰাওনা হয়। বুখাৰেষ্টত থকা ভাৰতীয় দূতাবাসে এই কথা ঘোষণা কৰি ৰোমানিয়াৰ কৰ্তৃপক্ষ, চিকিৎসা কৰ্মী, আৰু উদ্ধাৰকাৰী দলক নিৰাপদে উভতি অহাৰ ক্ষেত্ৰত সহায় কৰাৰ বাবে ধন্যবাদ জনায়।
দূতাবাসৰ মতে, ঘূৰি অহা ভাৰতীয়সকলৰ ভিতৰত আছে চাহিল সন্ধু, অশ্বনী কুমাৰ, আৰু হৰমন সিং। দূতাবাসে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত উল্লেখ কৰিছে যে তেওঁলোকৰ উভতি অহাৰ বাবে প্ৰয়োজনীয় সহায় আৰু ব্যৱস্থা কৰা হৈছে।
মঙলবাৰে জাহাজখনক আক্ৰমণ কৰাৰ পিছতে তিনিওজন ভাৰতীয়ক উদ্ধাৰ কৰে। বুধবাৰে তেওঁলোকক সাক্ষাৎ কৰে ভাৰতীয় দূতাবাসৰ প্ৰতিনিধিয়ে। ইয়াৰে দুজন ভাৰতীয়ক এখন হোটেলত ৰখাৰ বিপৰীতে আহত তৃতীয় নাগৰিকজন কনষ্টেণ্টাৰ কাউন্টি হাস্পতালত চিকিৎসাধীন হৈ আছে।
তেওঁলোকৰ ক্ষিপ্ৰ আৰু নিৰাপদে ঘূৰি অহাৰ বাবে দূতাবাসে প্ৰয়োজনীয় সহায় আগবঢ়ায়। শিপিং কোম্পানীটোৰ স্থানীয় এজেণ্টৰ জৰিয়তে মোবাইল ফোন আৰু অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰীৰ ব্যৱস্থা কৰা হৈছিল। তেওঁলোকৰ বাবে ভাৰতীয় খাদ্যৰো ব্যৱস্থা কৰা হৈছিল।
এই ঘটনাৰ পিছতে ভাৰতে ক’লা সাগৰ অঞ্চলত বাণিজ্যিক জাহাজক লক্ষ্য কৰি লোৱা কাৰ্যক গৰিহণা দিয়ে। নতুন দিল্লীত সংবাদ মাধ্যমৰ ব্রিফিঙৰ সময়ত বৈদেশিক মন্ত্র্যালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছৱালে কয় যে এনেধৰণৰ আক্রমণে সামুদ্ৰিক বাণিজ্যৰ প্রতি ভাবুকি কঢ়িয়াই আনিছে আৰু সামুদ্ৰিক শ্রমিকৰ জীৱনকো বিপদত পেলাইছে৷
তেওঁ উল্লেখ কৰে যে জাহাজখনত তিনিজন ভাৰতীয় নাগৰিক আছিল। তিনিওজনেই নিৰাপদ যদিও এজন আহত হৈ চিকিৎসা গ্ৰহণ কৰি আছে। এই বিষয়ত ৰোমানিয়া কৰ্তৃপক্ষই সহায় আগবঢ়োৱাৰ বাবে জয়ছৱালে কৃতজ্ঞতা প্ৰকাশ কৰে।
ভাৰতে অঞ্চলটোত উত্তেজনা হ্ৰাস, শান্তি পুনৰুদ্ধাৰ, আৰু বিবাদ নিষ্পত্তিৰ বাবে আলোচনা আৰু কূটনীতিৰ আহ্বান পুনৰবাৰ উল্লেখ কৰে।
-----------------------
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ