বুঢ়ী গণ্ডিকী নদীৰ বানপানীৰ বিধ্বংসী ৰূপ ধাৰণ: উটুৱাই নিলে ৬খন দলং, কমেও ১০ জন লোক নিৰুদ্দেশ; ৩৫টা ঘৰো উটিল
কাঠমাণ্ডু, ১১ অক্টোবৰ (হি.স.)। নেপালৰ বুঢ়ী গণ্ডাকি নদীৰ বানপানীয়ে ব্যাপক বিধ্বংসী ৰূপ ধাৰণ কৰিছে। ছয়খন দলং উটুৱাই নিয়াৰ বিপৰীতে কমেও ১০জন লোক নিৰুদ্দেশ হোৱা বুলি জানিব পৰা গৈছে। গোৰ্খা জিলাৰ সহকাৰী মুখ্য জিলা বিষয়া নেত্ৰ প্ৰসাদ শৰ্মাৰ মতে, দুখ
नेपाल के बूढ़ी गंडकी


কাঠমাণ্ডু, ১১ অক্টোবৰ (হি.স.)। নেপালৰ বুঢ়ী গণ্ডাকি নদীৰ বানপানীয়ে ব্যাপক বিধ্বংসী ৰূপ ধাৰণ কৰিছে। ছয়খন দলং উটুৱাই নিয়াৰ বিপৰীতে কমেও ১০জন লোক নিৰুদ্দেশ হোৱা বুলি জানিব পৰা গৈছে। গোৰ্খা জিলাৰ সহকাৰী মুখ্য জিলা বিষয়া নেত্ৰ প্ৰসাদ শৰ্মাৰ মতে, দুখন মটৰ দলং আৰু চাৰিখন ওলমি দলং উটুৱাই লৈ গৈছে।

অৰুঘাট আৰু ধাডিঙৰ ত্ৰিপুৰাসুন্দৰী সংযোগী পকী দলং, আৰু অৰুঘাটৰ ছ’টি আৰু মানবু সংযোগী পকী দলংখন জাহ গৈছে বুলিও তেওঁ কয়।

তদুপৰি ধৰচে গাঁও পৌৰসভাৰ ১ আৰু ৩ নং ৱাৰ্ড সংযোগী বেইলী দলংখনো জাহ গৈছে। একেদৰে মাছিখোলা আৰু কেৰোঞ্জা সংযোগী ওলমা দলং, চুমনুবুৰীৰ থাডো ভৰিয়াং আৰু জগত সংযোগী দলং, ছিৰদিবাছৰ ঘট্টেখোলা আৰু ফিল্মী সংযোগী ওলমা দলংখনো বানপানীয়ে উটুৱাই লৈ যায়।

চুমনুবুৰী গাঁও পৌৰসভাৰ পাইয়ুন আৰু বাগৰ অঞ্চলতো প্ৰায় ৩৫টা ঘৰ বানে বুৰাই পেলাইছে। জগত, ছালেৰী, দোভান, আৰু ঘট্টেখোলা গাঁৱতো যথেষ্ট ক্ষতিসাধন হয়।

-----------------

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande