
কাঠমাণ্ডু, ১০ অক্টোবৰ (হি.স.)। নেপালী কংগ্ৰেছৰ ১৫ সংখ্যক সাধাৰণ অধিৱেশনত গগন থাপা সভাপতি নিৰ্বাচিত হয়। থাপাই ৬৫৮৪টা ভোট লাভ কৰাৰ বিপৰীতে প্ৰতিদ্বন্দ্বী শ্যাম কৃষ্ণ খড়গীয়ে লাভ কৰে ৩৭৫টা ভোট।
সাধাৰণ অধিৱেশনৰ মিডিয়া চেণ্টাৰৰ সদস্য মহেশ গৌতমে জনোৱা মতে, শুকুৰবাৰে গভীৰ নিশা কাঠমাণ্ডুৰ ৰাষ্ট্ৰীয় বিধানসভা প্ৰেক্ষাগৃহত ভোট গণনা আৰম্ভ হয় আৰু শনিবাৰে পুৱা সমাপ্ত হয়।
নিৰ্বাচন সমিতিৰ তথ্য অনুসৰি সাধাৰণ অধিবেশনত ৭,৩১৭ জন প্ৰতিনিধিৰ ভিতৰত ৭,০৩৯ জনেই ভোটদান কৰে । ইয়াৰে ৫৪টা বেলট অবৈধ বুলি ঘোষণা কৰা হয়। দলৰ সভাপতিৰ বাহিৰে আন পদৰ বাবে দিয়া বেলটসমূহ অধিক গণনাৰ বাবে দলৰ সনেপাৰ কেন্দ্ৰীয় কাৰ্যালয়লৈ লৈ যোৱা হৈছে। এই পদসমূহৰ বাবে গণনা এতিয়াও বাকী আছে।
-----------------
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ