
কাঠমাণ্ডু, ১০ অক্টোবৰ (হি.স.)। নেপালত সশস্ত্র আৰক্ষী বাহিনীৰ (এপিএফ) অতিরিক্ত মহানিৰীক্ষক (এআইজি) বংসী ৰাজ দাহালক সংবেদনশীল সুৰক্ষা তথ্য উলংঘা কৰা আৰু আচৰণ বিধি ভংগ কৰাৰ অভিযোগত চাকৰীৰ পৰা বচ্ছেদ কৰা হৈছে।
বিভাগীয় ব্যৱস্থাৰ অংশ হিচাপে দাহালক চাকৰিৰ পৰা বৰ্খাস্ত কৰা হৈছে বুলি নিশ্চিত কৰিছে গৃহ মন্ত্ৰালয়ৰ মুখপাত্ৰ আনন্দ কাফ্লে। মন্ত্ৰালয়ে জাৰি কৰা এক বিবৃতি অনুসৰি শুকুৰবাৰে গভীৰ নিশা কাৰ্যকৰী হয় এই বৰ্খাস্তৰ সিদ্ধান্ত । ইয়াৰ পূৰ্বে ৫ অক্টোবৰত স্পৰ্শকাতৰ তথ্য ফাদিল কৰাৰ অভিযোগত চৰকাৰে দাহালক পদৰ পৰা নিলম্বন কৰিছিল ।
--------------
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ