

কোকৰাঝাৰ, ০১ অক্টোবৰ (হি.স.)। ‘ভাৰত সংকল্প অভিযান’ৰ অংশ হিচাপে ফকিৰাগ্ৰাম পৌৰসভাৰ উদ্যোগত আজি এক বিশেষ শ্ৰমদান আৰু স্বচ্ছতা অভিযান অনুষ্ঠিত হয়। পৌৰসভা অঞ্চলত পৰিষ্কাৰ-পৰিচ্ছন্নতা বজাই ৰখা আৰু জনসাধাৰণৰ মাজত স্বচ্ছতাৰ প্ৰতি সজাগতা বৃদ্ধিৰ লক্ষ্যৰে এই অভিযান ৰূপায়ণ কৰা হয়।
পৌৰপতি চুলতান আলমৰ নেতৃত্বত অনুষ্ঠিত কাৰ্যসূচীত উপ-পৌৰপতি প্ৰণৱ শৰ্মা, ৱাৰ্ড কমিছনাৰ সকল, পৌৰসভাৰ বিষয়া-কৰ্মচাৰী আৰু সাফাই কৰ্মীসকলে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে। অভিযানৰ সময়ত বিভিন্ন স্থানত পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ কামত শ্ৰমদান কৰাৰ লগতে স্বচ্ছতা সম্পৰ্কে জনসাধাৰণক সজাগ কৰা হয়।
পৌৰপতি চুলতান আলমে পৌৰবাসীক নিজৰ নিজৰ ঘৰৰ লগতে ওচৰ-পাজৰৰ এলেকাও পৰিষ্কাৰ-পৰিচ্ছন্ন কৰি ৰখাৰ আহ্বান জনায়। তেওঁ আৱৰ্জনা য’তে-ত’তে নেপেলাই নিৰ্দিষ্ট স্থানত পেলাবলৈ আৰু পৌৰসভাৰ স্বচ্ছতা ব্যৱস্থাত সহযোগিতা আগবঢ়াবলৈ জনসাধাৰণক আহ্বান জনায়।
পৌৰসভাৰ এনে সমন্বিত পদক্ষেপে স্বচ্ছ আৰু পৰিষ্কাৰ পৌৰ এলেকা গঢ়ি তোলাৰ লগতে স্থানীয় পৰ্যায়ত জন অংশগ্ৰহণৰ জৰিয়তে স্বচ্ছতাৰ বাৰ্তা অধিক শক্তিশালী কৰিব বুলি আশা প্ৰকাশ কৰা হয়।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ