২ অক্টোবৰত শোণিতপুৰ জিলাৰ ৮৮ খন গাওঁ পঞ্চায়তৰ কাৰ্য্যালয়ত সংস্কাৰ উৎসৱ উদযাপন কৰা হ’ব
শোনিতপুৰ, ০১ অক্টোবৰ, (হি.স.)। অহা কালি ইং ২ অক্টোবৰ ২০২৬ তাৰিখ শুক্ৰবাৰে সমগ্ৰ অসমৰ লগতে শোণিতপুৰ জিলাৰ ৮৮ খন গাওঁ পঞ্চায়তৰ কাৰ্য্যালয়ত বিশেষ গাওঁ সভাৰ লগতে সংস্কাৰ উৎসৱ উদযাপন কৰা হ’ব । উক্ত সভাত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ বিভিন্ন আঁচনিৰ ওপৰত
২ অক্টোবৰত শোণিতপুৰ জিলাৰ ৮৮ খন গাওঁ পঞ্চায়তৰ কাৰ্য্যালয়ত সংস্কাৰ উৎসৱ উদযাপন কৰা হ’ব


শোনিতপুৰ, ০১ অক্টোবৰ, (হি.স.)। অহা কালি ইং ২ অক্টোবৰ ২০২৬ তাৰিখ শুক্ৰবাৰে সমগ্ৰ অসমৰ লগতে শোণিতপুৰ জিলাৰ ৮৮ খন গাওঁ পঞ্চায়তৰ কাৰ্য্যালয়ত বিশেষ গাওঁ সভাৰ লগতে সংস্কাৰ উৎসৱ উদযাপন কৰা হ’ব । উক্ত সভাত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ বিভিন্ন আঁচনিৰ ওপৰত বিতং আলোচনা হোৱাৰ লগতে অসম চৰকাৰৰ খোৱাপানী আৰু অনাময় বিভাগ / জল সম্পদ বিভাগ / খাদ্য আৰু ৰাজহুৱা বিতৰণ বিভাগ / ভুমি সম্পদ বিভাগ / গ্ৰাহক পৰিক্ৰমা বিভাগৰ বিভিন্ন বিষয়ববীয়া উপস্থিত থাকি উল্লেখিত বিভাগ সমূহৰ বিভিন্ন আঁচনিৰ বিষয়ে ৰাইজক অৱগত কৰিব ।

সেয়েহে জিলা খনৰ গাওঁ পঞ্চায়ত অঞ্চলত বসবাস কৰা সকলো স্থানীয় ৰাইজক সদলবলে উক্ত অনুষ্ঠানত উপস্থিত থাকিবলৈ শোণিতপুৰ জিলা পৰিষদৰ ফালৰ পৰা অনুৰোধ জনোৱা হ’ল ।

হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ


 rajesh pande