
নগাঁও, ০১ অক্টোবৰ (হি.স.)।চামগুৰিৰ ভাটিয়াখালিত এআইইউডিএফৰ বিশাল নিৰ্বাচনী সভা। সাংসদ ৰকিবুল হুছেইন আৰু কংগ্ৰেক ক্ষুৰধাৰ সমালোচনা ৰেজাউল কৰিম সৰকাৰে। ৰকিবুল হুছেইন লেটিন ফিতা কটা সাংসদ বুলি মন্তব্য কৰে ৰেজাউল কৰিম চৰকাৰে।
চামগুৰি সমষ্টিৰ কংগ্ৰেছৰ শক্তিশালী ঘাটি হিচাপে পৰিচিত ভাটিয়াখালিত এআইইউডিএফৰ উদ্যোগত অনুষ্ঠিত হয় এক বিশাল নিৰ্বাচনী সভা।
সভাত এআইইউডিএফৰ সভাপতি বদৰুদ্দিন আজমল, প্ৰাক্তন বিধায়ক আব্দুল আজিজ, আশ্ৰাফুল ইছলাম আৰু ৰেজাউল কৰিম সৰকাৰকে ধৰি দলটোৰ কেইবা গৰাকীও নেতা উপস্থিত থাকে। এআইইউডিএফৰ নেতা সকলে কংগ্ৰেছ দলক তীব্ৰ সমালোচনা কৰি সংখ্যালঘু সমাজক দীৰ্ঘদিন ধৰি ভোট বেংক হিচাপে ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰে।
নিৰ্বাচনৰ সময়ত কংগ্ৰেছে বিভিন্ন প্ৰতিশ্ৰুতিৰে সংখ্যালঘু ৰাইজৰ ভোট লাভ কৰাৰ পিছত তেওঁলোকৰ সমস্যা সমাধানৰ ক্ষেত্ৰত গুৰুত্ব নিদিয়াৰ অভিযোগ কৰে এআইইউডিএফৰ নেতাসকলে।
মাটিৰ পট্টা, ডি-ভোটাৰ আৰু ডিটেনচন কেম্পৰ প্ৰসংগ উত্থাপন কৰি কংগ্ৰেছৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰে বক্তা সকলে। ভাটিয়াখালিত অনুষ্ঠিত এই বৃহৎ নিৰ্বাচনী সভাই চামগুৰি সমষ্টিত এআইইউডিএফৰ সাংগঠনিক তৎপৰতা আৰু নিৰ্বাচনী প্ৰস্তুতিৰ এক ছবি দাঙি ধৰিছে।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু