
নগাও, ০১ অক্টোবৰ (হি.স.)। কচুৱাত এ আই ইউ ডি এফ দলৰ নিৰ্বাচনী প্ৰচাৰ। নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ এ আই ইউ ডি এফ দলৰ প্ৰাৰ্থী বদৰুদ্দিন আজমলৰ হৈ নিৰ্বাচনী প্ৰচাৰ দলটোৰ নেতৃত্বৰ। বিগত কিছুদিনৰ পৰা নগাঁও লোকসভা সমষ্টিৰ অন্তৰ্গত সংখ্য়ালঘু অধ্য়ুশিত বিভিন্ন অঞ্চলত প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তোলে।
এ আই ইউ ডি এফ দলৰ হৈ নিৰ্বাচনী প্ৰচাৰ সভাত উপস্থিত থাকে প্ৰাক্তন বিধায়ক ডঃ আদিত্য লাংথাচা, ৰহা সমষ্টিৰ তত্বাৱধায়ক আব্দুল হাই, এ আই ইউ ডি এফ দলৰ নেতা নুপুৰ বৰ্ধন, তাফাজুল ইছলাম সহ দলটোৰ জেষ্ঠ্য কৰ্মীসকল।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু