

মৰিগাঁৱ, ০১ অক্টোবৰ (হি.স.)। মৰিগাঁৱত তিনিদিন ধৰি ফুটপাথত পৰি আছে ৰুদ্ৰ থিয়েটাৰৰ কলা কুশলী, খবৰ নাই থিয়েটাৰ কতৃপক্ষৰ। চলিত নাট্য বৰ্ষত মৰিগাঁও বৰঙাবাৰীত জন্ম লাভ কৰিছিল ৰুদ্ৰ থিয়েটাৰ। থিয়েটাৰ খন আৰম্ভ হোৱাৰে পৰা চাৰি পাঁচ ঠাইত নাটক মঞ্চস্থ কৰিলে যদিওঁ আৰম্ভণিৰে পৰা আজিলৈ এক টকাও নিদিলে কলা কুশলী সকলক।
যাৰ ফলত পূৰ্বে নাট্য দলটো এৰিলে নায়ক নায়িকাই। এতিয়ালৈ কেইবাবাৰো নায়ক নায়িকা সলনি হোৱা নাট্য দলটোৰ নৃত্য শিল্পী সকল এতিয়া মৰিগাঁৱৰ ফুটপাথ আৰু জিৰণি চৰাত। কাৰণ এই নৃত্য শিল্পী সকলক আৰম্ভণিৰে পৰা এক টকাও দিয়া নাই ৰুদ্ৰ থিয়েটাৰ স্বত্বাধিকাৰী বুলন হাজৰিকাই। অভিযোগ অনুসৰি মানণি দিয়াটো দূৰৰে কথা থকা খোৱাৰো খবৰ লোৱা নাই থিয়েটাৰ স্বত্বাধিকাৰীয়ে। ফলত ঘৰলৈ যাবলৈ বুলি ওলাই আহি টকাৰ অভাৱত বিগত তিনিদিনৰ ধৰি মৰিগাঁও টেক্সি ষ্টেণ্ডৰ জিৰণি ছৰা আৰু ফুটপাথত সময় কটাইছে এইসকল কলা কুশলীয়ে। অভিযোগ অনুসৰি আৰক্ষীৰ ওচৰত গৈছিল যদিওঁ আৰক্ষীয়ে কোনধৰণৰ সহাঁৰি নিদিলে এই নাট্যকৰ্মী সকলক।
হিন্দুস্থান সমাচাৰ / Narayan Kar