

গুৱাহাটী, ০১ অক্টোবৰ (হি.স.)। ডিমৰীয়াৰ টোপাতলীত পৰিত্যক্ত অৱস্থাত ৰখাই থোৱা ট্ৰাকত উদ্ধাৰ গো-ধন। মহানগৰীৰ পৰা উজনি অসম অভিমুখী এনএল ০১এএ ৩২৫৬ নম্বৰৰ ট্ৰাক খনৰ পৰা উদ্ধাৰ অৰ্ধশতাধিক গো-ধন। টোপাতলীৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত দীৰ্ঘসময় ধৰি বাহখন ৰখাই থোৱা প্ৰত্যক্ষ কৰি স্থানীয় ৰাইজে ক্ষেত্ৰী আৰক্ষীক খবৰ দিয়ে। ক্ষেত্ৰী আৰক্ষী উক্ত স্থানত উপস্থিত হৈ ট্ৰাক খনত তালাচী চলোৱাত গৰু সমূহ প্ৰত্যক্ষ কৰে।
ট্ৰাক খনৰ পিছফাল সামগ্ৰী কঢ়িওৱাৰ লেখীয়াকৈ ট্ৰিপালেৰে মেৰিয়াই অতি কৌশলেৰে অবৈধভাৱে সৰবৰাহ কৰা হৈছিল গৰুসমূহ ।অৱশ্যে আৰক্ষী অহাৰ পূৰ্বে পলায়ন কৰে সৰবৰাহকাৰী।
ইতিমধ্যে আৰক্ষীয়ে বাহন সহ গো-ধনসমূহ জব্দ কৰি আৰম্ভ কৰিছে তদন্ত।
হিন্দুস্থান সমাচাৰ / Narayan Kar