সামাজিক সেৱাৰ পুঁজি নিশ্চিহ্ন কৰাৰ বাবে আমেৰিকাৰ পাঁচখন ৰাজ্যৰ ট্ৰাম্প প্ৰশাসনৰ বিৰুদ্ধে গোচৰ
ৱাশ্বিংটন, ০৯ জানুৱাৰী (হি.স.)। ডেম’ক্ৰেটিক শাসিত পাঁচখন ৰাজ্যৰ এটৰ্নী জেনেৰেলে বৃহস্পতিবাৰে ট্ৰাম্প প্ৰশাসনৰ বিৰুদ্ধে গোচৰ তৰে। প্ৰশাসনে কেইবাটাও জনকল্যাণমূলক সামাজিক কাৰ্যসূচীৰ বাবে পুঁজি নিশ্চিহ্ন কৰা বুলি দাবী কৰাৰ পিছতে এই গোচৰ ৰুজু কৰা হৈছে।
47698bdf9fd1133221e3bbb97ae587c8_1260149084.jpg


ৱাশ্বিংটন, ০৯ জানুৱাৰী (হি.স.)। ডেম’ক্ৰেটিক শাসিত পাঁচখন ৰাজ্যৰ এটৰ্নী জেনেৰেলে বৃহস্পতিবাৰে ট্ৰাম্প প্ৰশাসনৰ বিৰুদ্ধে গোচৰ তৰে। প্ৰশাসনে কেইবাটাও জনকল্যাণমূলক সামাজিক কাৰ্যসূচীৰ বাবে পুঁজি নিশ্চিহ্ন কৰা বুলি দাবী কৰাৰ পিছতে এই গোচৰ ৰুজু কৰা হৈছে। কম আয়ৰ পৰিয়ালক সহায় কৰিবলৈ ডিজাইন কৰা কাৰ্যসূচীত প্ৰৱঞ্চনাৰ উদ্বেগ প্ৰকাশ কৰে প্ৰশাসনে। এই পাঁচখন ৰাজ্যই—কেলিফৰ্ণিয়া, ক’লৰাডো, মিনেছ’টা, ইলিনয় আৰু নিউয়ৰ্কে এই পদক্ষেপক অসাংবিধানিকভাৱে ক্ষমতাৰ অপব্যৱহাৰ বুলি অভিহিত কৰিছে।

চিবিএছ নিউজে প্ৰকাশ কৰা অনুসৰি ট্ৰাম্প প্ৰশাসনে চলিত সপ্তাহৰ আৰম্ভণিতে ঘোষণা কৰিছিল যে তেওঁলোকে তেওঁলোকৰ সামাজিক সুৰক্ষা নেট পুঁজি নিশ্চিহ্ন কৰি ৰাখিছে। এই পুঁজি তিনিটা ফেডাৰেল কাৰ্যসূচীৰ বাবে আছিল, ইয়াৰে দুটাত শিশু থকা পৰিয়ালসমূহক দৰিদ্ৰতাৰ পৰা উলিয়াই অনাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। নিউয়ৰ্কৰ এটৰ্নী জেনেৰেল লেটিচিয়া জেমছে এই গোচৰৰ নেতৃত্ব দিছে। জেমছে কয় যে ট্ৰাম্প প্ৰশাসনে ইতিমধ্যে কংগ্ৰেছে ৰাজ্যসমূহৰ বাবে অনুমোদন জনোৱা কোটি কোটি ডলাৰৰ পুঁজি ফ্ৰীজ কৰি নিজৰ অধিকাৰক্ষেত্ৰ অতিক্ৰম কৰিছে।

নিউয়ৰ্কৰ দক্ষিণ জিলাৰ বাবে আমেৰিকাৰ জিলা আদালতত দাখিল কৰা হৈছে এই গোচৰ। এই গোচৰত প্ৰশাসনক ফ্ৰীজ বন্ধ কৰি পুঁজি মুকলি কৰিবলৈ কোৱা হৈছে। জেমছে কয় যে, “আকৌ এবাৰ আমাৰ সম্প্ৰদায়ৰ আটাইতকৈ দুৰ্বল পৰিয়ালসমূহে এই প্ৰশাসনৰ আইন-শৃংখলাহীনতা আৰু প্ৰতিশোধৰ অভিযানৰ বোজা বহন কৰিছে।”

আমেৰিকাৰ স্বাস্থ্য আৰু মানৱ সেৱা বিভাগে এই সপ্তাহত পাঁচখন ৰাজ্যক জনাইছে যে তেওঁলোকৰ চাইল্ড কেয়াৰ এণ্ড ডেভেলপমেণ্ট ফাণ্ডৰ পুঁজি নিশ্চিহ্ন কৰি ৰাখিছে। স্বাস্থ্য আৰু মানৱ সেৱা সচিব ৰবাৰ্ট এফ কেনেডি জুনিয়ৰে কয় যে, “আমি এই ৰাজ্যসমূহক সকীয়াই দিছিলো যে যদিহে তেওঁলোকে প্ৰৱঞ্চনাৰ সৈতে মোকাবিলা কৰাৰ পৰিকল্পনা দাখিল কৰে তেন্তে আমি ধন কৰ্তন নকৰো।” ডেম’ক্ৰেট দলৰ মিনেছ’টাৰ গৱৰ্ণৰ টিম ৱালজে কয় যে আমি আমাৰ ৰাজ্যৰ দায়িত্ব পালনৰ বাবে ট্ৰাম্প প্ৰশাসনে লোৱা প্ৰতিটো ভুল পদক্ষেপৰ বিৰোধিতা কৰিম।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande