
নতুন দিল্লী, ০৮ জানুৱাৰী (হি.স.)। মহাৰাষ্ট্ৰৰ পুনেস্থিত নিজ বাসগৃহত বুধবাৰে গভীৰ নিশা বিশিষ্ট পৰিৱেশবিদ মাধৱ গাডগিলৰ মৃত্যু হয়। তেওঁৰ বয়স আছিল ৮২ বছৰ। তেওঁৰ পুত্ৰ সিদ্ধাৰ্থ গাডগিলে বৃহস্পতিবাৰে ইনষ্টাগ্ৰামত এক পোষ্টযোগে এই খবৰ নিশ্চিত কৰে। বৃহস্পতিবাৰে পুনেৰ বৈকুণ্ঠ শ্মশানত তেওঁৰ শেষকৃ্ত্য় সম্পন্ন কৰা হৈছে।
কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰী, মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাদনৱীছ, আৰু কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খৰ্গেকে ধৰি অন্যান্যসকলে তেওঁৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে। গডকাৰীয়ে কয় যে গডগিলে নিজৰ সমগ্ৰ জীৱন পৰিৱেশ সজাগতা জীয়াই ৰখা আৰু পশ্চিম ঘাটৰ জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ বাবে উৎসৰ্গা কৰিছিল। গাডগিলৰ অৱদান কেৱল ভাৰততে সীমাবদ্ধ নাছিল বৰঞ্চ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো স্বীকৃতি লাভ কৰিছিল। তেওঁ পৰিৱেশ আৰু জৈৱ বৈচিত্ৰ্যৰ বিষয়সমূহক জনচেতনাৰ সৈতে যিদৰে সংযোগ কৰিছিল সেয়া আগন্তুক প্ৰজন্মৰ বাবে প্ৰেৰণাৰ উৎস হৈয়ে থাকিব। তেওঁৰ মৃত্যু দেশৰ বাবে এক অপূৰণীয় ক্ষতি।
কংগ্ৰেছৰ সভাপতি খৰ্গেয়ে কয় যে গাডগিলৰ মৃত্যুৰ লগে লগে ভাৰতে পৰিৱেশ গৱেষণাৰ ক্ষেত্ৰত আগশাৰীৰ কণ্ঠ হেৰুৱাই পেলাইছে। বৈজ্ঞানিক প্ৰমাণক সংৰক্ষণ কাৰ্য্যলৈ ৰূপান্তৰিত কৰাত গাডগিলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। পদ্মভূষণ, শান্তি স্বৰূপ ভাটনগৰ বঁটা, কৰ্ণাটক ৰাজ্যোৎসৱ বঁটা লাভ কৰা গাডগিলে গৱেষণা, পাঠদান, সংৰক্ষণৰ ক্ষেত্ৰত এক অমলিন চিন ৰাখিলে। তেওঁৰ জীৱনৰ কৰ্মই আমাক শিকাইছে যে বিজ্ঞান আৰু সমাজৰ মাজত এখন সেতু নিৰ্মাণ কৰিলেহে বহনক্ষম উন্নয়ন সম্ভৱপৰ।
মুখ্যমন্ত্রী ফাড়নবিছে কয় যে গডগিল ভাৰতৰ পৰিৱেশ সচেতনতা আৰু সংৰক্ষণৰ ক্ষেত্ৰত আগশাৰীৰ ব্যক্তি আছিল। পশ্চিম ঘাট সংৰক্ষণৰ ক্ষেত্ৰত তেওঁৰ কাম আছিল উল্লেখযোগ্য। ভাৰতৰ জৈৱ বৈচিত্ৰ্য আইনৰ স্থপতি হিচাপে তেওঁক সদায় স্মৰণ কৰা হ’ব। তেওঁ নিজকে লিখা আৰু প্ৰচাৰত সীমাবদ্ধ নাৰাখি স্থানীয় জনগোষ্ঠীক জড়িত কৰি প্ৰাকৃতিক সম্পদৰ সঠিক ব্যৱহাৰৰ পথো দেখুৱাইছিল।
কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধীয়ে কয় যে গাডগিল আছিল প্ৰকৃতি আৰু সামাজিক ন্যায়ৰ প্ৰতি দয়ালু কণ্ঠ। তেওঁৰ জীৱনৰ কৰ্মই আগন্তুক প্ৰজন্মক অনুপ্ৰাণিত কৰি থাকিব। তেওঁ আমাক শিকাইছিল যে পৰিৱেশ সংৰক্ষণ কেৱল বিজ্ঞানীৰ বিষয় নহয়, সমাজৰ প্ৰতিটো শ্ৰেণীৰ দায়িত্ব।
ৰাজস্থানৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অশোক গেহলটে কয় যে পশ্চিম ঘাট সংৰক্ষণৰ ক্ষেত্ৰত গাডগিলৰ অৱদান সদায় স্মৰণীয় হৈ থাকিব। কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে তেওঁক শীৰ্ষ বিজ্ঞানী, প্ৰতিষ্ঠান নিৰ্মাতা, পৰম্পৰাগত জ্ঞান ব্যৱস্থাৰ চেম্পিয়ন বুলি অভিহিত কৰে।
কংগ্ৰেছৰ সাংসদ শশী থাৰুৰে কয় যে গাডগিল ভাৰতীয় পৰিৱেশ বিজ্ঞানৰ এক কলছাছ। তেওঁৰ এই প্ৰতিবেদনে জৈৱ বৈচিত্ৰ্য সংৰক্ষণ আৰু জীৱিকাৰ মাজৰ ভাৰসাম্য সম্পৰ্কে কেৰালাত তীব্ৰ বিতৰ্কৰ সূচনা কৰে। তেওঁৰ দৃষ্টি আৰু প্ৰজ্ঞাই আজিও আমাক পথ প্ৰদৰ্শন কৰি আছে।
বাৰামাটিৰ সাংসদ সুপ্ৰিয়া চুলেই কয় যে গাডগিলে ভাৰতত পৰিৱেশবাদৰ ভেটি স্থাপন কৰিছিল। পশ্চিম ঘাটৰ জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ ক্ষেত্ৰত তেওঁৰ অৱদান অমূল্য। তেওঁৰ মৃত্যুত পৰিবেশ আৰু জৈৱ বৈচিত্ৰ্যৰ ক্ষেত্ৰত দিশ দেখুৱাই এজন জ্ঞানী ব্যক্তিক এৰি থৈ গৈছে।
বুৰঞ্জীবিদ ৰামচন্দ্ৰ গুহাই কয় যে গাডগিল এজন আদৰ্শ বিজ্ঞানী আৰু নাগৰিক আছিল। তেওঁ মোৰ বন্ধু আৰু পথ প্ৰদৰ্শক আছিল। তেওঁৰ ব্যক্তিত্ব আছিল জ্ঞান, নম্ৰতা আৰু দয়াৰ এক অনন্য সংমিশ্ৰণ। তেওঁ কেৱল এজন বিজ্ঞানীয়েই নহয়, এজন দায়বদ্ধ নাগৰিকও আছিল। তেওঁৰ মৃত্যু মোৰ বাবে ব্যক্তিগত ক্ষতি।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া