
হোজাই, ২১ জানুৱাৰী (হি.স.): হোজাই জিলাৰ লামডিং জিআৰপিএফে মঙলবাৰে নিশা গাঞ্জাৰ বিৰুদ্ধে অভিযান চলায়। লামডিং ৰে’ল ষ্টেচনত জব্দ কৰা হয় আনুমানিক প্ৰায় ১. ৫ লক্ষ্য টকাৰ গাঞ্জা ।
এই সন্দৰ্ভত তিনিগৰাকী মহিলাক কৰায়ত্ত কৰা হৈছে। তেওঁলোক হৈছে ক্ৰমে বিহাৰৰ ভাগলপুৰ নিবাসী অঞ্জু দেৱী, দীপা দেৱী আৰু মনীষা কুমাৰী।ট্রেইনৰ জেনেৰেল কোচৰ পৰা প্ৰায় ৬ কেজি ৩ গ্ৰাম গাঞ্জা জব্দ কৰা হৈছে । নামনিমুৱা ট্ৰেইনৰ ১৩১৭৪ শিয়ালদহ কাঞ্চনজংগা এক্সপ্ৰেছ ট্ৰেইনৰ পৰা জিআৰপিৰ অভিযানত জব্দ কৰা হয় বৃহৎ পৰিমানৰ গাঞ্জা খিনি । কাপোৰৰ তলত লুকুৱাই লৈ গৈ আছিল গাঞ্জা খিনি। এই বিষয়ত বৰ্তমান ৰে’ল আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ