গুজৰাটত মাৰুতি চুজুকিৰ পৰিচালনা সমিতিৰ ₹৪,৯৬০ কোটি টকাৰ ভূমি অধিগ্ৰহণৰ প্ৰস্তাৱ অনুমোদন
নতুন দিল্লী, ১২ জানুৱাৰী (হি.স.)। গুজৰাটত মাটি অধিগ্ৰহণ আৰু নিৰ্মাণ ক্ষমতা বৃদ্ধিৰ বাবে ৪,৯৬০ কোটি টকাৰ প্ৰস্তাৱত অনুমোদন জনাইছে মাৰুতি চুজুকি ইণ্ডিয়া লিমিটেডৰ পৰিচালনা সমিতিয়ে। মাৰুতি চুজুকি ইণ্ডিয়াই সোমবাৰে ষ্টক এক্সচেঞ্জসমূহক জনাইছে যে কোম্পা
मारुति सुजुकी के लोगो का प्रतीकात्‍मक चित्र


নতুন দিল্লী, ১২ জানুৱাৰী (হি.স.)। গুজৰাটত মাটি অধিগ্ৰহণ আৰু নিৰ্মাণ ক্ষমতা বৃদ্ধিৰ বাবে ৪,৯৬০ কোটি টকাৰ প্ৰস্তাৱত অনুমোদন জনাইছে মাৰুতি চুজুকি ইণ্ডিয়া লিমিটেডৰ পৰিচালনা সমিতিয়ে।

মাৰুতি চুজুকি ইণ্ডিয়াই সোমবাৰে ষ্টক এক্সচেঞ্জসমূহক জনাইছে যে কোম্পানীটোৰ পৰিচালনা সমিতিৰ আজি অনুষ্ঠিত বৈঠকত খোৰাজ ঔদ্যোগিক বাগিচাত উৎপাদন ক্ষমতা সম্প্ৰসাৰণৰ বাবে গুজৰাট ঔদ্যোগিক উন্নয়ন নিগমৰ পৰা মাটি অধিগ্ৰহণৰ বাবে অনুমোদন জনোৱা হৈছে, য’ত প্ৰস্তাৱিত ক্ষমতা বৃদ্ধি ১০ লাখ ইউনিট পৰ্যন্ত হ’ব।

কোম্পানীটোৱে উল্লেখ কৰিছে যে পৰিচালনা সমিতিৰ দ্বাৰা অনুমোদিত ভূমি অধিগ্ৰহণ, উন্নয়ন, আৰু প্ৰস্তুতিমূলক কাম-কাজৰ খৰচ ৪,৯৬০ কোটি ₹। মুঠ বিনিয়োগৰ সন্দৰ্ভত মাৰুতি চুজুকি ইণ্ডিয়াই কয় যে সামৰ্থ্য স্থাপনৰ পৰ্যায় নিৰ্ধাৰণ কৰাৰ সময়ত ইয়াক চূড়ান্ত কৰি পৰিচালনা সমিতিৰ অনুমোদন দিয়া হ’ব। কোম্পানীটোৱে কয় যে এই ধন আভ্যন্তৰীণ এক্ৰুৱেল আৰু বাহ্যিক ঋণৰ পৰা হ’ব।

এম এছ আই এলে কয় যে গুৰুগ্ৰাম, মানেছাৰ, খাৰখোডা (সকলো হাৰিয়ানা), আৰু হানছালপুৰ (গুজৰাট)ত বৰ্তমানৰ উৎপাদন ক্ষমতা বছৰি প্ৰায় ২৪ লাখ ইউনিট, আনহাতে মুঠ উৎপাদন ক্ষমতা বছৰি ২৬ লাখ ইউনিট। ইয়াৰ ভিতৰত কোম্পানীটোৰ সৈতে একত্ৰিত হোৱা চুজুকি মটৰ গুজৰাট প্ৰাইভেট লিমিটেডৰ প্ৰডাকচন ইউনিটসমূহো অন্তৰ্ভুক্ত। কোম্পানীটোৰ মতে, বৰ্তমানৰ ক্ষমতা সম্পূৰ্ণৰূপে ব্যৱহাৰ কৰা হৈছে।

উল্লেখযোগ্য যে চুজুকি মটৰ কৰ্প’ৰেশ্যনৰ অধ্যক্ষ টোছিহিৰো চুজুকিয়ে ঘোষণা কৰিছিল যে ২০২৪ চনত কোম্পানীটোৰ ভাৰতীয় ইউনিট মাৰুতি চুজুকি ইণ্ডিয়া (এম এছ আই)য়ে গুজৰাটত দ্বিতীয়টো উৎপাদন ইউনিট স্থাপনৰ বাবে ৩৫,০০০ কোটি টকা বিনিয়োগ কৰিব, যাৰ বাৰ্ষিক উৎপাদন ক্ষমতা ১০ লাখ ইউনিট।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande