
নতুন দিল্লী, ১২ জানুৱাৰী (হি.স.)। বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে অহা ১ ফেব্ৰুৱাৰীৰ পুৱা ১১ বজাত লোকসভাত ২০২৬-২৭ বিত্তীয় বৰ্ষৰ কেন্দ্ৰীয় বাজেট দাখিল কৰিব। সাধাৰণতে ১ ফেব্ৰুৱাৰীত কেন্দ্ৰীয় বাজেট দাখিল কৰা হয় যদিও এইবাৰ বাজেটৰ নিৰ্দিষ্ট দিনটো দেওবাৰে পৰি যোৱাৰ বাবে অনিশ্চয়তাৰ সৃষ্টি হয়। অৱশ্যে সোমবাৰে লোকসভাৰ অধ্যক্ষ ওম বিৰলাই এই তাৰিখ নিশ্চিত কৰে।
সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজুৱে ইনষ্টাগ্ৰামত লিখিছে যে, ভাৰত চৰকাৰৰ পৰামৰ্শ মতে, ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে ২০২৬ চনৰ বাজেট অধিবেশনৰ বাবে সংসদৰ দুয়োটা সদন আহ্বান কৰাত অনুমোদন জনাইছে। এই অধিবেশন ২৮ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব আৰু ২ এপ্ৰিললৈকে চলিব। ১৩ ফেব্ৰুৱাৰীত প্ৰথম পৰ্যায়ৰ সামৰণি পৰিব। ৯ মাৰ্চৰ পৰা আৰম্ভ হ’ব দ্বিতীয় পৰ্যায়। ইয়াৰ পূৰ্বে ২৯ জানুৱাৰীত লোকসভাত দাখিল কৰা হ’ব অৰ্থনৈতিক জৰীপ ২০২৫-২৬।
১ ফেব্ৰুৱাৰীত কেন্দ্ৰীয় বাজেট দাখিল কৰাৰ পৰম্পৰা ২০১৭ চনৰ পৰা আৰম্ভ হৈছিল যদিও দেওবাৰে বাজেট দাখিল কৰাটো বিৰল। ইয়াৰ পূৰ্বে ১৯৯৯ চনৰ ২৮ ফেব্ৰুৱাৰীত তেতিয়াৰ বিত্তমন্ত্ৰী যশৱন্ত সিনহাই দেওবাৰে কেন্দ্ৰীয় বাজেট দাখিল কৰিছিল। ২০১৭ চনত কেন্দ্ৰীয় চৰকাৰে নতুন বিত্তীয় বৰ্ষ অৰ্থাৎ ১ এপ্ৰিল আৰম্ভ হোৱাৰ পূৰ্বে পুঁজিৰ সঠিক ব্যৱহাৰ সুনিশ্চিত কৰিবলৈ বাজেটৰ তাৰিখ ২৮ ফেব্ৰুৱাৰীৰ পৰা ১ ফেব্ৰুৱাৰীলৈ সলনি কৰিছিল।
এইবাৰ যেতিয়া কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বাজেট দাখিল কৰিব, তেতিয়া ই তেওঁৰ একেৰাহে নৱম বাজেট হ’ব। ইয়াৰ দ্বাৰা তেওঁ প্ৰাক্তন প্ৰধানমন্ত্ৰী মোৰাৰজী দেশাইৰ ১০ বাৰ বাজেট দাখিল কৰাৰ অভিলেখৰ অতি ওচৰ চাপিব। অৱশ্যে একক বিত্তমন্ত্ৰী হিচাপে একেৰাহে সৰ্বাধিক বাজেট দাখিল কৰাৰ অভিলেখ ইতিমধ্যে অৰ্জন কৰিছে নিৰ্মলা সীতাৰমনে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া