
তামুলপুৰ, ০৬ ছেপ্টেম্বৰ (হি.স.)। গোৰেশ্বৰৰ শুক্লাইত তামুলপুৰ জিলা বিজেপিৰ পাঁচটা সমষ্টিৰ ক'ৰ কমিটীৰ নিৰ্বাচনী বৈঠক। বৈঠকত উপস্থিত ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া আৰু মন্ত্ৰী জয়ন্তমল্ল বৰুৱা। বৈঠকৰ আন্তত বাঙালীসকলৰ 'ডি'ভোটাৰ সমস্যা সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত দিলীপ শইকীযৰ নতুন ফৰ্মূলা।
ভাৰতত থকা বঙালী ভাষী হিন্দুৱে হঁওক বা বাংলাদেশত থকা বঙালী ভাষী হিন্দুৱে হঁওক। 'ন' হিন্দু বিদেশী ভবেত'। অৰ্থাৎ কোনো হিন্দু ভাৰতবৰ্ষত বিদেশী নহয়। বঙালী হিন্দু, অসমীয়া হিন্দু বা বিহাৰী হিন্দু বুলি এইবিলাকৰ কোনো কথা নাই। সনাতনী হিন্দু বা হিন্দুস্তানৰ মূল অভিবাসী সকলোৰে সংৰক্ষণ, শৰণ আৰু প্ৰয়োজন সাপেক্ষে সুৰক্ষা দিয়াতো আমাৰ নৈতিক দায়িত্ব আৰু কৰ্তব্য। গতিকে কোনো হিন্দুৱে ভাৰতবৰ্ষত অসুৰক্ষিত অনুভৱ কৰিব নালাগে।
ছিএএ ৰ অধীনত অমুছলমান লোকক ধৰ্মৰ ভিত্তিত ভাৰতত নাগৰিকত্ব দিবলৈ কেন্দ্ৰীয় চৰকাৰে লোৱা সিদ্ধান্তক বিভিন্ন দল সংগঠনে তীব্ৰ বিৰোধিতা কৰাৰ সময়তে সভাপতি দিলীপ শইকীয়াই এইদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।
ইফালে বিজেপিৰ আগ্ৰাসী ৰাজনীতিৰ বাবে অসমীয়া জাতিৰ বিপদ বৃদ্ধি পাইছে বুলি বিশিষ্ট চিন্তাবিদ ড'হীৰেণ গোহাঁইয়ে কৰা মন্তব্য সন্দৰ্ভততো তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সভাপতি দিলীপ শইকীয়াই।
দিলীপ শইকীয়াই বিটিচি নিৰ্বাচন সন্দৰ্ভতো মন্তব্য কৰে। আনহাতে বাঙালীসকলৰ ডি ভোটৰৰ সমস্যা সন্দৰ্ভত মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই অসমত 'ডি' ভোটাৰেই নাই সমস্যা ক'ত' বুলি মন্তব্য কৰি সমগ্ৰ বিষয়টো লঘু কৰি দিয়াৰ চেষ্টা কৰে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা