সিদ্ধাৰ্থ মালহোত্ৰা আৰু জাহ্নৱী কাপুৰ অভিনীত ৰোমান্টিক কমেডী ‘পৰম সুন্দৰী’ মুক্তিৰ ৬ দিন হ’ল। ২৯ আগষ্টত ছবিগৃহত মুক্তি পোৱা ছবিখনে সমালোচকৰ পৰা মিশ্ৰিত সমালোচনা লাভ কৰিছিল। প্ৰথম তিনিদিনত ছবিখনে বক্স অফিচত ভাল প্ৰদৰ্শন কৰিছিল যদিও তেতিয়াৰ পৰাই ছবিখনৰ সংগ্ৰহ ক্ৰমাগতভাৱে হ্ৰাস পাই আহিছে। এতিয়া ষষ্ঠ দিনৰ উপাৰ্জনৰ পৰিসংখ্যা ওলাইছে, যিটো আজিলৈকে সৰ্বনিম্ন।
ছাক্কানিলকৰ প্ৰতিবেদন অনুসৰি মুক্তিৰ ষষ্ঠ দিনটোত ‘পৰম সুন্দৰী’ই ২.৮৫ কোটি টকা উপাৰ্জন কৰে। এইদৰে ছবিখনৰ বক্স অফিচৰ মুঠ সংগ্ৰহ এতিয়া ৩৭.১০ কোটি টকা হৈছেগৈ।
উল্লেখ্য়, ছবিখনে প্ৰথম দিনাই ৭.২৫ কোটি টকাৰ ব্যৱসায় কৰিছিল, আনহাতে দ্বিতীয় দিনা এই সংখ্যা ৯.২৫ কোটিলৈ বৃদ্ধি পাইছিল। তৃতীয় দিনা ছবিখনে ১০.২৫ কোটি, চতুৰ্থ দিনত ৩.২৫ কোটি আৰু পঞ্চম দিনা ৪.২৫ কোটি টকা উপাৰ্জন কৰে।
‘পৰম সুন্দৰী’ত সিদ্ধাৰ্থ মালহোত্ৰা আৰু জাহ্নৱী কাপুৰৰ যুটিটো প্ৰথমবাৰৰ বাবে ডাঙৰ পৰ্দাত দেখা গৈছে, যাৰ কেমিষ্ট্ৰী দৰ্শকে ভাল পাইছে। তেওঁলোকৰ উপৰিও ছবিখনত ৰেঞ্জী পানিকৰ, সিদ্ধাৰ্থ শংকৰ, মঞ্জোৎ সিং, সঞ্জয় কাপুৰ, ইনায়ত ভাৰ্মা আদি অভিনেতাকো গুৰুত্বপূৰ্ণ চৰিত্ৰত দেখা গৈছে। ৪৫ কোটিৰ বাজেটত নিৰ্মিত এই ছবিখনৰ পৰিচালক তুষাৰ জালোটাৰ, আনহাতে ইয়াৰ প্ৰযোজক দীনেশ বিজন।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া