
কামৰূপ, ০৩ ছেপ্টেম্বৰ (হি.স.): ৰাজ্যত বৰ্তমানেও অব্যাহত নিচাজাতীয় সামগ্ৰীৰ অবাধ বেহা । ৰঙিয়া ৰে’ল জংচনত যোৱাকালি মঙলবাৰে সন্ধিয়া হেৰ'ইনসহ আটক হয় এজন লোক । ছটাকৈ চাবোনৰ বাকচত ৭৯ গ্ৰামকৈ হেৰ'ইন লৈ আনিছিল বিহাৰৰ বৈশালী জিলাৰ সুৰজ কুমাৰ নামৰ লোক জনে।
ৰঙিয়া ৰে’ল জংচনত সন্দেহজনকভাৱে ঘুৰি ফুৰা অৱস্থাত হেৰ'ইন সহ আটক কৰে ৰঙিয়া ৰে’ল আৰক্ষীয়ে । গুৱাহাটীৰ অজ্ঞাত লোকে যোগান ধৰিছিল এই বৃহৎ পৰিমাণৰ হেৰ'ইনখিনি। বিহাৰৰ দ্ৰাগছ সৰবৰাহকাৰী ওম প্ৰকাশৰ নিৰ্দেশত হেৰ'ইন খিনি সৰবৰাহ কৰা বুলি স্বীকাৰ কৰে ধৃত সুৰজ কুমাৰে। সম্প্ৰতি ৰঙিয়া ৰে’ল আৰক্ষীয়ে অধিক তথ্যৰ বাবে সোধপোচ অব্যাহত ৰাখিছে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ