নতুন দিল্লী, ০৩ ছেপ্টেম্বৰ (হি.স.)। নিয়ন্ত্ৰণ অনুসৰণ সৰল কৰাৰ লক্ষ্যৰে আৰু ঔষধ আৰু ক্লিনিকেল গৱেষণা খণ্ডত ব্যৱসায় কৰাত সহজতা বৃদ্ধি কৰাৰ লক্ষ্যৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে নতুন ঔষধ আৰু ক্লিনিকেল ট্ৰায়েল নিয়ম, ২০১৯ সংশোধন কৰিবলৈ ওলাইছে। প্ৰস্তাৱিত সংশোধনীসমূহ ২০২৫ চনৰ ২৮ আগষ্টত ভাৰতীয় গেজেটত প্ৰকাশ পাইছিল আৰু ইয়াৰ ওপৰত জনসাধাৰণৰ পৰা পৰামৰ্শ বিচৰা হৈছে। এই সংশোধনীসমূহৰ লক্ষ্য হৈছে পৰীক্ষাৰ অনুজ্ঞাপত্ৰ আৰু জৈৱ উপলব্ধতা/জৈৱ সমতুল্যতা (বিএ/বিই) অধ্যয়নৰ সৈতে জড়িত আবেদন প্ৰক্ৰিয়া সৰল কৰা।
বুধবাৰে স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি এই নতুন নিয়মত আবেদনকাৰীয়ে অনুজ্ঞাপত্ৰৰ বাবে আৰু অপেক্ষা কৰিব নালাগিব (কিছুমান উচ্চ বিপদজনক শ্ৰেণীৰ ঔষধৰ বাহিৰে), বৰঞ্চ কেৱল কেন্দ্ৰীয় অনুজ্ঞাপত্ৰ কৰ্তৃপক্ষক অৱগত কৰিব লাগিব। লগতে পৰীক্ষাৰ অনুজ্ঞাপত্ৰৰ আবেদনৰ মুঠ বিধিগত প্ৰক্ৰিয়াকৰণৰ সময়সীমা ৯০ দিনৰ পৰা ৪৫ দিনলৈ হ্ৰাস কৰা হৈছে।
ইয়াৰ লগে লগে জৈৱ উপলব্ধতা/জৈৱ সমতুল্যতাৰ কিছুমান বিশেষ শ্ৰেণীৰ বাবে বৰ্তমানৰ অনুজ্ঞাপত্ৰৰ প্ৰয়োজনীয়তা বিলুপ্ত কৰা হ’ব। এনে ক্ষেত্ৰত তথ্য বা নথি-পত্ৰ জমা দিয়াৰ প্ৰক্ৰিয়াহে গ্ৰহণ কৰা হ’ব।
এই নিয়ন্ত্ৰণ সংস্কাৰে অংশীদাৰসকলক যথেষ্ট উপকৃত কৰিব কাৰণ আবেদন প্ৰক্ৰিয়া আৰু সময়সীমা বহু পৰিমাণে হ্ৰাস পাব। প্ৰস্তাৱিত সংশোধনীৰ জৰিয়তে অনুজ্ঞাপত্ৰৰ আবেদনৰ সংখ্যা প্ৰায় ৫০ শতাংশ হ্ৰাস পাব। ইয়াৰ ফলত অধ্যয়ন, পৰীক্ষণ আৰু গৱেষণাৰ বাবে ঔষধৰ তদন্ত আগতীয়াকৈ আৰম্ভ কৰিব পৰা যাব আৰু ঔষধৰ বিকাশ আৰু অনুমোদন প্ৰক্ৰিয়াত হোৱা পলম হ্ৰাস পাব।
ইয়াৰ উপৰিও এই সংশোধনীসমূহে কেন্দ্ৰীয় ঔষধ মান নিয়ন্ত্ৰণ সংস্থাক নিজৰ মানৱ সম্পদৰ নিয়োগক অধিক ফলপ্ৰসূ কৰিবলৈ সক্ষম কৰিব, যাৰ ফলত নিয়ন্ত্ৰণমূলক নিৰীক্ষণৰ কাৰ্যক্ষমতা আৰু ফলপ্ৰসূতা বৃদ্ধি পাব।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া