বম্বে আৰু মেঘালয় উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ নিযুক্তি ৰাষ্ট্ৰপতিৰ
নতুন দিল্লী, ০৪ ছেপ্টেম্বৰ (হি.স.)। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে দুখন উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ নিযুক্তি দিছে। বৃহস্পতিবাৰে জাৰি কৰা অধিসূচনা অনুসৰি ৰাষ্ট্ৰপতিয়ে বোম্বাই উচ্চ ন্যায়ালয় আৰু মেঘালয় উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ নিযুক্তি দ
বম্বে আৰু মেঘালয় উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ নিযুক্তি ৰাষ্ট্ৰপতিৰ


নতুন দিল্লী, ০৪ ছেপ্টেম্বৰ (হি.স.)। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে দুখন উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ নিযুক্তি দিছে। বৃহস্পতিবাৰে জাৰি কৰা অধিসূচনা অনুসৰি ৰাষ্ট্ৰপতিয়ে বোম্বাই উচ্চ ন্যায়ালয় আৰু মেঘালয় উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ নিযুক্তি দিছে।

বম্বে উচ্চ ন্যায়ালয়ৰ বাবে ৰাষ্ট্ৰপতিগৰাকীয়ে ন্যায়াধীশ চন্দ্ৰশেখৰক নিযুক্তি দিয়াৰ বিপৰীতে ন্যায়াধীশ হমৰছান সিং থাংকিৱক মেঘালয় উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি দিয়া হৈছে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande