যশপুৰ/ৰাইপুৰ, ০৩ ছেপ্টেম্বৰ (হি.স.)। ছত্তীশগড়ৰ যশপুৰ জিলাত মঙলবাৰে গভীৰ নিশা গণেশ বিসৰ্জনলৈ যোৱা গাঁওবাসীক মহতিয়াই নিয়ে এখন বলেৰ’ গাড়ীয়ে। এই দুৰ্ঘটনাত ৩ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ২০ জনতকৈ অধিক লোক আহত হয়। আহত আটাইকেইজনকে বগীচা চিকিৎসালয়লৈ লৈ যোৱা হয়। একে সময়তে গুৰুতৰভাৱে আহত লোকসকলক অম্বিকাপুৰলৈ প্ৰেৰণ কৰা হৈছে। গণেশ বিসৰ্জনৰ বাবে বাগিচা থানাৰ জুৰুদনলৈ গৈ আছিল গাঁওবাসী।
গণেশ বিসাৰ্জনৰ সৈতে জড়িত প্ৰত্যক্ষদৰ্শীৰ মতে ৰাইকেৰাৰ পৰা আহি থকা বলেৰো বাহনখন তীব্ৰ গতিৰ বাবে নিয়ন্ত্ৰণৰ বাহিৰলৈ গৈ পোনে পোনে ভিৰৰ মাজত প্ৰৱেশ কৰে। দুৰ্ঘটনাৰ সময়ত ১০০ৰো অধিক লোক বিসৰ্জন শোভাযাত্ৰাত জড়িত আছিল, যিসকলে গণপতি মূৰ্তি লৈ পুখুৰীৰ ফালে গৈ আছিল। তীব্ৰবেগী বলেৰ’খনৰ খুণ্ডাৰ ফলত লোকসকল বাগৰি পৰে আৰু বহু লোক বাহনখনৰ তলত সোমাই পৰে। ইয়াৰ ফলত তাত বিশৃংখলতাৰ সৃষ্টি হৈছিল। দুৰ্ঘটনাটোত অৰবিন্দ (১৯ বছৰ), বিপিন কুমাৰ প্ৰজাপতি (১৭ বছৰ), খিৰৱতী যাদৱ (৩২ বছৰ)ৰ থিতাতে মৃত্যু হোৱাৰ বিপৰীতে ২০ জনতকৈ অধিক লোক আহত হয়।
ইয়াৰ পিছতে ক্ষুব্ধ ৰাইজে চালকজনক ধৰি তীব্ৰ প্ৰহাৰ কৰে। বাহনখনত থকা আন লোকসকল সেই স্থানৰ পৰা পলায়ন কৰে। ঘটনাৰ তথ্য পোৱাৰ লগে লগে আৰক্ষী বাহিনীয়ে সেই স্থানত উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে আৰু আহতসকলক বগীচা চিকিৎসালয়লৈ অনা হয়। য’ত চিকিৎসা দলটোৱে প্ৰাথমিক চিকিৎসা প্ৰদান কৰি গুৰুতৰভাৱে আহতসকলক লগে লগে অম্বিকাপুৰলৈ প্ৰেৰণ কৰা হয়।
দুৰ্ঘটনাৰ তথ্য পোৱাৰ লগে লগে যশপুৰৰ কালেক্টৰ ৰোহিত ব্যাস, এছ এছ পি শশী মোহন সিঙে গভীৰ নিশা চিকিৎসালয়ত উপস্থিত হৈ আহতসকলক সাক্ষাৎ কৰি সহায়ৰ আশ্বাস দিয়ে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া