নতুন দিল্লী, ২৬ ছেপ্টেম্বৰ (হি.স.)। আমেৰিকালৈ যোৱা পীয়ুষ গোৱেলৰ নেতৃত্বত প্রতিনিধি দলটোৱে প্রস্তাৱিত দ্বিপাক্ষিক বাণিজ্য চুক্তি (বিটিএ)ৰ বিভিন্ন দিশৰ ওপৰত আলোচনা কৰে ৷ দুয়োপক্ষই অতি সোনকালে পাৰস্পৰিকভাৱে লাভজনক চুক্তি চূড়ান্ত কৰাৰ বাবে আলোচনা অব্যাহত ৰখাৰ সিদ্ধান্ত লয়। অৱশ্যে এই চুক্তি কেতিয়া হ’ব সেই সন্দৰ্ভত কোনো তথ্য দিয়া হোৱা নাই।
শুকুৰবাৰে বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ে এক বিবৃতিত কয় যে পীয়ুষ গোৱেলৰ নেতৃত্বত আমেৰিকালৈ যোৱা ভাৰতীয় প্ৰতিনিধি দলটো তিনিদিনীয়া ভ্ৰমণৰ অন্তত ২৪ ছেপ্টেম্বৰত স্বদেশলৈ উভতি আহিছিল। উচচ পর্যায়ৰ ভাৰতীয় প্রতিনিধি দলটোৱে দুয়োখন দেশৰ মাজত দ্বিপাক্ষিক বাণিজ্য চুক্তি আৰু বিনিয়োগৰ সম্পর্ক সুদৃঢ় কৰাৰ লক্ষ্যৰে কেইবাটাও উপযোগী আলোচনাত মিলিত হয়৷ মন্ত্ৰালয়ে কয় যে এই আলোচনাৰ সময়ত দুয়োপক্ষই প্ৰস্তাৱিত দ্বিপাক্ষিক বাণিজ্য চুক্তি (বিটিএ)ক পাৰস্পৰিকভাৱে লাভজনক বুলি ক্ষিপ্ৰতাৰে চূড়ান্ত কৰাৰ বাবে আলোচনা অব্যাহত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰে।
মন্ত্ৰালয়ে উল্লেখ কৰিছে যে কেন্দ্ৰীয় বাণিজ্য মন্ত্ৰীয়ে আমেৰিকাৰ বাণিজ্য প্ৰতিনিধি ৰাষ্ট্ৰদূত জেমিছন গ্ৰীৰ আৰু ভাৰতত আমেৰিকাৰ আগন্তুক ৰাষ্ট্ৰদূত চাৰ্জিঅ’ গ’ৰৰ সৈতে বৈঠকত মিলিত হয়। দ্বিপাক্ষিক বাণিজ্যিক বিষয়ত আমেৰিকা চৰকাৰৰ প্ৰতিনিধিৰ সৈতে বৈঠকৰ উপৰিও প্ৰতিনিধি দলটোৱে আমেৰিকা ভিত্তিক আগশাৰীৰ ব্যৱসায়ী আৰু বিনিয়োগকাৰীৰ সৈতে ভাৰত আৰু আমেৰিকাৰ মাজত বাণিজ্য আৰু বিনিয়োগক প্ৰসাৰিত কৰাৰ বিষয়েও আলোচনা কৰে।
আমেৰিকা ভ্ৰমণৰ সময়ত ভাৰতীয় উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দলটোৱে আমেৰিকা চৰকাৰৰ সৈতে চুক্তিখনৰ বিভিন্ন দিশৰ ওপৰত ইতিবাচক বৈঠকত মিলিত হয়। দুয়োপক্ষই চুক্তিখনৰ সম্ভাৱ্য কাঠামোৰ ওপৰত মত বিনিময় কৰি অতি সোনকালে পাৰস্পৰিকভাৱে লাভজনক বাণিজ্যিক চুক্তি সম্পাদন কৰাৰ লক্ষ্যৰে আলোচনা অব্যাহত ৰাখিবলৈ সন্মত হয়। তদুপৰি এই সময়ছোৱাত ব্যৱসায়ী আৰু বিনিয়োগকাৰীৰ সৈতে হোৱা বৈঠকত ইতিবাচক প্ৰতিক্ৰিয়া লাভ কৰা হৈছিল। ব্যৱসায়িক নেতাসকলে ভাৰতৰ বৃদ্ধিৰ কাহিনীৰ ওপৰত আস্থা প্ৰকাশ কৰাৰ লগতে ভাৰতত ব্যৱসায়িক কাৰ্যকলাপ ত্বৰান্বিত কৰাৰ ইচ্ছা প্ৰকাশ কৰে।
हिन्दुस्थान समाचार / অৰৱিন্দ