ইউ এ ইৰ অধিনায়ক মহম্মদ ৱাছিমৰ ৰোহিত শৰ্মাৰ ছয়ৰ অভিলেখ ভংগ
নতুন দিল্লী, ০২ ছেপ্টেম্বৰ (হি.স.)। শ্বাৰজাহত সোমবাৰে অনুষ্ঠিত হোৱা ত্ৰিকোণীয় শৃংখলাৰ খেলখনত আফগানিস্তানৰ বিৰুদ্ধে ইউ এ ইৰ অধিনায়ক মহম্মদ ৱাছিমে এক ঐতিহাসিক কৃতিত্ব অৰ্জন কৰে। ভাৰতীয় অধিনায়ক ৰোহিত শৰ্মাৰ টি-২০ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত অধিনায়ক
यूएई के कप्तान मुहम्मद वसीम


নতুন দিল্লী, ০২ ছেপ্টেম্বৰ (হি.স.)। শ্বাৰজাহত সোমবাৰে অনুষ্ঠিত হোৱা ত্ৰিকোণীয় শৃংখলাৰ খেলখনত আফগানিস্তানৰ বিৰুদ্ধে ইউ এ ইৰ অধিনায়ক মহম্মদ ৱাছিমে এক ঐতিহাসিক কৃতিত্ব অৰ্জন কৰে। ভাৰতীয় অধিনায়ক ৰোহিত শৰ্মাৰ টি-২০ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত অধিনায়ক হিচাপে সৰ্বাধিক ছয়ৰ অভিলেখ ভংগ কৰে ৱাছিমে।

ইউ এ ইৰ ইনিংছৰ তৃতীয় অভাৰত আফগানিস্তানৰ স্পিনাৰ মুজিব-উৰ-ৰহমানৰ বিৰুদ্ধে একেৰাহে দুটা ছয় কোবাই ৱাছিমে এই কৃতিত্ব অৰ্জন কৰে।

খেলখনত ৱাছিমে ৩৭টা বলত ৬৭ ৰানৰ বিস্ফোৰক ইনিংছ খেলিছিল। ইনিংছৰ সময়ছোৱাত তেওঁ ৬টা ছয় কৰিছিল যদিও নিজৰ দলটোক জয়ী কৰিব নোৱাৰিলে। ইউ এ ইৰ দলটোৱে ১৮৮ ৰানৰ লক্ষ্য খেদি ৮ উইকেটত মাত্ৰ ১৫০ ৰানহে কৰিব পাৰিছিল।

মহম্মদ ৱাছিমে এতিয়া অধিনায়ক হিচাপে টি-২০ আন্তঃৰাষ্ট্ৰীয় মেচত ১১০টা ছয় কৰিছে।

ইয়াৰ পূৰ্বে এই অভিলেখ ভাৰতীয় অধিনায়ক ৰোহিত শৰ্মাৰ নামত আছিল, যিয়ে অধিনায়ক হিচাপে ৩৫খন মেচত ১০৫টা ছয় সংগ্ৰহ কৰিছিল। এতিয়া ৱাছিমে ১১০টা ছয়ৰে শীৰ্ষত উপনীত হৈছে।

টি ২০আইত অধিনায়ক হিচাপে সৰ্বাধিক ছয়:

১১০ – মহম্মদ ৱাছিম ​​(ইউ এ ই)

১০৫ – ৰোহিত শৰ্মা (ভাৰত)

৮৬ – ইয়ন মৰ্গান (ইংলেণ্ড)

৮২ – এৰন ফিঞ্চ (অষ্ট্ৰেলিয়া)

৭৯ – কাডোৱাকি ফ্লেমিং (জাপান)

৬৯ – জোছ বাটলাৰ (ইংলেণ্ড)

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande