ইন্দোৰ, ০২ ছেপ্টেম্বৰ (হি.স.)। কেন্দ্ৰীয় যোগাযোগ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াৰ পুত্ৰ মহাআৰ্যমান সিন্ধিয়া বিনা প্ৰতিদ্বন্দ্বিতাৰে মধ্যপ্ৰদেশ ক্ৰিকেট সন্থাৰ সভাপতি হিচাপে নিৰ্বাচিত হৈছে। তেওঁৰ লগতে সমগ্ৰ কাৰ্যনিৰ্বাহককো বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত কৰা হৈছে। মঙলবাৰে ইন্দোৰৰ হোলকাৰ ষ্টেডিয়ামত অনুষ্ঠিত হয় এমপিচিএৰ বাৰ্ষিক সাধাৰণ সভা। ইয়াত নতুন কার্যনির্বাহক নির্বাচনৰ কথা ঘোষণা কৰা হয় ৷ সভাত জ্যোতিৰাদিত্য সিন্ধিয়াও উপস্থিত থাকে। ২৯ বছৰীয়া মহাআৰ্যমান এমপিচিএৰ ৬৮ বছৰীয়া ইতিহাসৰ আটাইতকৈ কম বয়সীয়া সভাপতি।
এমপিচিএৰ কাৰ্যবাহীত বিনীত ছেঠিয়া উপ-সভাপতি হিচাপে নিৰ্বাচিত হোৱাৰ বিপৰীতে সুধিৰ অছনানীক সম্পাদক, সঞ্জয় দুয়াক কোষাধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছে। ইয়াৰ উপৰিও সন্ধ্যা আগৰৱালা, ৰাজীৱ শিৰোডকাৰ, প্ৰসুন কানমাদিকাৰ, বিজয় ৰাণা আৰু অৰুন্ধতী কিৰকিৰেক বিনা প্ৰতিদ্বন্দ্বিতামূলক সদস্য কৰা হৈছে।
সভাপতি পদলৈ নিৰ্বাচিত হোৱাৰ সন্দৰ্ভত মহাআৰ্যমানে কয় যে এই গুৰুত্বপূৰ্ণ দায়িত্বৰ বাবে মোৰ ওপৰত আস্থা প্ৰকাশ কৰা মধ্যপ্ৰদেশ ক্ৰিকেট সন্থাৰ সকলো সদস্যকে ধন্যবাদ জনাইছো। দেউতাৰ লগতে মোৰ এম পি চি এৰ সভাপতি হোৱাত মাও বহুত সুখী। তেওঁ মোক গ্ৰাউণ্ড লেভেলৰ মানুহৰ লগত কাম কৰিবলৈ শিকাইছে আৰু কেতিয়াও অকলে সিদ্ধান্ত লোৱা নাই। তেওঁ কয় যে মধ্যপ্ৰদেশ ক্ৰিকেট সন্থাৰ পূৰ্বৰ কাৰ্যবাহীয়েও ভাল কাম কৰিছিল আৰু সেই কামবোৰ আগুৱাই লৈ গৈ মধ্যপ্ৰদেশ ক্ৰিকেট সংগঠনক নতুন উচ্চতালৈ লৈ যোৱাৰ চেষ্টা কৰিম। বিনা প্ৰতিদ্বন্দ্বিতামূলক নিৰ্বাচন সন্দৰ্ভত তেওঁ কয় যে মধ্য প্ৰদেশ ক্ৰিকেট সংগঠন যে এটা পৰিয়াল, তাৰ প্ৰমাণ এয়া।
মহাৰ্যমানে ভৱিষ্যতৰ পৰিকল্পনা সন্দৰ্ভত কয় যে আমি মধ্যপ্ৰদেশ ক্ৰিকেট সন্থাক আগুৱাই নি দেশৰ ভিতৰতে এক নম্বৰ স্থানত গঢ়ি তুলিম। এইটো মোৰ বাবে অতি আৱেগিক সময়, কাৰণ মোৰ দাদা মাধৱৰাও সিন্ধিয়া, মোৰ দেউতা জ্যোতিৰাদিত্য সিন্ধিয়াই এই পোষ্টটোৰ কাম কৰিছিল আৰু এতিয়া মই এই সুযোগ পাইছো। গ্ৰাম্য পৰ্যায়ত ক্ৰিকেটক প্ৰচাৰ কৰা আৰু মহিলাসকলক আগুৱাই যোৱাৰ উপযুক্ত সুযোগ প্ৰদান কৰাটো মোৰ অগ্ৰাধিকাৰ হ’ব। তেওঁ কয় যে বৰ্তমান মোৰ অভিজ্ঞতা কম যদিও মোৰ লগত অভিজ্ঞ দল এটা আছে। কিন্তু নতুন দলটোৱে ক্ৰিকেটক অতি শক্তিশালীভাৱে আগুৱাই নিব।
তেওঁ কয় যে মহিলা বিশ্বকাপৰ পাঁচখন খেল ইন্দোৰত অনুষ্ঠিত হ’বলৈ গৈ আছে। ইয়াৰ পৰাই বুজা যায় যে এমপিচিএৰ ওপৰত আইচিচি আৰু বিচিচিআইৰ কিমান বিশ্বাস আছে। আমি গ্ৰাম্য ক্ৰিকেটৰ প্ৰসাৰৰ বাবে জিলা আৰু বিভাগ পৰ্যায়ৰ ক্ৰিকেটৰ পৰ্যালোচনা কৰিম। আমিও তাত ভ্ৰমণ কৰিম। আমি ক্ৰিকেটত প্ৰযুক্তি ব্যৱহাৰ কৰি দক্ষতা বিকাশৰ কাম কৰিম।
মন কৰিবলগীয়া যে ৰাজ্যৰ কনিষ্ঠতম ৰাজ্যিক ক্ৰিকেট সংগঠনৰ সভাপতি হিচাপে দায়িত্ব বহন কৰে কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ ঠাকুৰে। ঠাকুৰে ২৬ বছৰ বয়সতে হিমাচল প্ৰদেশ ক্ৰিকেট সন্থাৰ সভাপতি হৈছিল । মহাআৰ্যমান সম্প্ৰতি দেশৰ আটাইতকৈ কম বয়সীয়া ৰাজ্যিক ক্ৰিকেট সভাপতি হ’ব বোধহয়। গোৱাৰ বৰ্তমানৰ সভাপতি বিপুল ফাডকেৰ বয়স বৰ্তমান ৩২ বছৰ। এতিয়ালৈকে এমপিচিএৰ আটাইতকৈ কনিষ্ঠ সভাপতিগৰাকীৰ অভিলেখ আছিল ৩৫ বছৰ বয়সত সভাপতি হোৱা জ্যোতিৰাদিত্য সিন্ধিয়াৰ নামত।
বিগত তিনি বছৰ ধৰি ক্ৰিকেটৰ বাবে সক্ৰিয় হৈ আছে মহাআৰ্যমান। ২০২২ চনত তেওঁক গোৱালিয়ৰ বিভাগীয় ক্ৰিকেট সন্থা (জিডিচিএ)ৰ উপ-সভাপতি হিচাপে নিযুক্তি দিয়াৰ লগতে এমপিচিএৰ আজীৱন সদস্য হিচাপে নিযুক্তি দিয়া হয়। তেওঁ আৰম্ভ কৰিছিল মধ্যপ্ৰদেশ ক্ৰিকেট লীগ (এম পি এল)। যোৱা দুবছৰ ধৰি গোলিয়ৰত সফলতাৰে এম পি এল আয়োজন কৰি আহিছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া