হায়দৰাবাদ, ০২ ছেপ্টেম্বৰ (হি.স.)। প্ৰাইম ভলীবল লীগে মঙলবাৰে প্ৰকাশ কৰিছে ছিজন ৪ৰ খেলৰ সূচী। এই ছিজন ২ অক্টোবৰৰ পৰা ২৬ অক্টোবৰলৈ অনুষ্ঠিত হ’ব। লীগৰ আৰম্ভণি হ’ব আয়োজক দল হায়দৰাবাদ ব্লেক হকছ আৰু ছিজন ৩ৰ চেম্পিয়ন দল কালিকাট হিৰোজৰ মাজত। ২৬ অক্টোবৰত অনুষ্ঠিত হ’বলগা চূড়ান্ত মেচখনেৰে ছিজনৰ সামৰণি পৰিব।
এইবাৰ নতুন দল গোৱা গাৰ্ডিয়ানছকে ধৰি মুঠ ১০টা দলে লীগত অংশগ্ৰহণ কৰিব। এইটোৱেই হ’ব লীগৰ এতিয়ালৈকে সৰ্ববৃহৎ সংস্কৰণ। দলকেইটাক পাঁচটাকৈ দুটা পুলত ভাগ কৰা হৈছে। মুঠ ৩৮খন মেচ অনুষ্ঠিত হ’ব, ইয়াৰে ৩৫খন লীগ পৰ্যায়ত অনুষ্ঠিত হ’ব। প্ৰতিটো দলে নিজৰ পুলৰ চাৰিটা দল আৰু আনটো পুলৰ তিনিটা দলৰ বিৰুদ্ধে খেলিব। লীগ পৰ্যায়ৰ শেষত পইণ্টৰ ভিত্তিত শীৰ্ষ চাৰিটা দল (পুল নিৰ্বিশেষে) ছেমি ফাইনেলত প্ৰৱেশ কৰিব।
বেছলাইন ভেঞ্চাৰছৰ পৰিচালন সঞ্চালক তথা সহ-প্ৰতিষ্ঠাপক টুহিন মিশ্ৰই কয়, “ছিজন ৪ আমাৰ এতিয়ালৈকে আটাইতকৈ ডাঙৰ ছিজন। গোৱা গাৰ্ডিয়ানছৰ সংযোজনৰ লগে লগে লীগত এতিয়া দহটা শক্তিশালী দল, অধিক আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ আৰু বৃহৎ অনুৰাগীৰ ভিত্তি আছে।
প্ৰাইম ভলীবল লীগৰ চিইঅ' জয় ভট্টাচাৰ্যই কয়, এইবাৰ সূচী উত্তেজনাৰে ভৰি আছে। ডাবল হেডাৰ, পৰম্পৰাগত প্ৰতিদ্বন্দ্বিতা আৰু সম্পূৰ্ণ ভৰ্তি প্লে অফৰ উইণ্ড'ই নিশ্চিত কৰে যে অনুৰাগীয়ে প্ৰতি নিশাই প্ৰচুৰ একচন পাব। ভলীবলে ভাৰতত সদায় অপৰিসীম জনপ্ৰিয়তা লাভ কৰি আহিছে আৰু এই ছিজনত আমি সেই আবেগক এক নতুন মাত্ৰালৈ লৈ যাব বিচাৰো।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া