মেলবৰ্ণ, ০২ ছেপ্টেম্বৰ (হি.স.)। নিউজিলেণ্ডৰ বিৰুদ্ধে আগন্তুক টি-২০ আন্তঃৰাষ্ট্ৰীয় শৃংখলাৰ বাবে অষ্ট্ৰেলিয়াই ১৪ জনীয়া দল ঘোষণা কৰিছে, য’ত অলৰাউণ্ডাৰ মাৰ্কাছ ষ্ট’ইনিছ দলটোলৈ ঘূৰি আহিছে। তেওঁৰ লগতে মিচ ওৱেন, মেথিউ শ্বৰ্ট আৰু জেভিয়াৰ বাৰ্টলেটেও দলটোলৈ ঘূৰি আহিছে, যিয়ে অহা বছৰ ভাৰত আৰু শ্ৰীলংকাত অনুষ্ঠিত হ’বলগীয়া টি-২০ বিশ্বকাপৰ বাবে ষ্ট’ইনিছৰ দাবী আৰু শক্তিশালী কৰিছে।
৩৬ বছৰীয়া ষ্ট’ইনিছে যোৱা এবছৰ ধৰি কেন্দ্ৰীয় বা ৰাজ্যিক চুক্তিত নাছিল। ২০২৪ চনৰ নৱেম্বৰ মাহত অষ্ট্ৰেলিয়াৰ হৈ শেষবাৰৰ বাবে খেলিছিল। চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত তেওঁ এদিনীয়া ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল যদিও টি-২০ লীগত অবিৰতভাৱে সক্ৰিয় হৈ আছিল। আই পি এলত পঞ্জাব কিংছ আৰু দ্য হাণ্ড্ৰেডত ট্ৰেণ্ট ৰকেটছৰ হৈ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰাৰ লগতে দুয়োটা দলে ফাইনেলত প্ৰৱেশ কৰাত অৰিহণা যোগাইছিল।
অৱশ্যে ষ্টয়নিছৰ বাবে বিশ্বকাপ দলত স্থান লাভ কৰাটো সহজ নহ’ব। কেমেৰন গ্ৰীণ, টিম ডেভিদ আৰু মিচ ওৱেনেও মিডল অৰ্ডাৰ অল ৰাউণ্ডাৰৰ ভূমিকাত প্ৰতিদ্বন্দ্বিতা কৰিছে। গ্ৰীনে নিউজিলেণ্ডৰ শৃংখলাত খেলিব নোৱাৰিব কাৰণ ঘৰুৱা এছেছৰ বাবে প্ৰস্তুতি চলাবলৈ শ্বেফিল্ড শ্বিল্ড ক্ৰিকেটত গুৰুত্ব দিব। কনকাচনৰ পৰা সুস্থ হৈ উঠি দললৈ উভতি আহিছে ওৱেনে।
আঘাতৰ পৰা (চাইড ষ্ট্ৰেইন) সুস্থ হৈ উঠাৰ পিছত মেথিউ শ্বৰ্টেও দললৈ উভতি আহিছে। দক্ষিণ আফ্ৰিকা ভ্ৰমণত আঘাতপ্ৰাপ্ত খেলুৱৈৰ ঠাইত এলেক্স কেৰী আৰু এৰন হাৰ্ডিয়ে খেলিছিল যদিও এতিয়া তেওঁলোক আউট। পিতৃত্বৰ ছুটীৰ বাবে এই ভ্ৰমণত অনুপস্থিত থাকিব দ্ৰুত বলাৰ নাথান এলিছ।
এই ভ্ৰমণত অষ্ট্ৰেলিয়াৰ দুজন ডাঙৰ খেলুৱৈও খেলিব নোৱাৰিব— টি-২০ ক্ৰিকেটৰ পৰা অৱসৰ লোৱা মিচেল ষ্টাৰক আৰু পিঠিৰ আঘাতৰ পৰা সুস্থ হৈ এছেছৰ হৈ পুনৰ ফিটনেছ লাভ কৰিবলৈ চেষ্টা কৰা পেট কামিন্স।
১, ৩ আৰু ৪ অক্টোবৰত মাউণ্ট মাউংগানুইত অনুষ্ঠিত হ’ব তিনিখন মেচৰ টি-২০ শৃংখলা।
অষ্ট্ৰেলিয়া দল (টি২০ বনাম নিউজিলেণ্ড):
মিচেল মাৰ্ছ (অধিনায়ক), শ্বেন এবট, জেভিয়াৰ বাৰ্টলেট, টিম ডেভিদ, বেন ড্ৱাৰ্চুইছ, জোছ হেজলউড, ট্ৰেভিছ হেড, জোছ ইংলিছ, মেট কুহনেমেন, গ্লেন মেক্সৱেল, মিচ ওৱেন, মেথিউ শ্বৰ্ট, মাৰ্কাছ ষ্ট’ইনিছ, এডাম জাম্পা।
हिन्दुस्थान समाचार / Manoj Kumar Saikia