তিনিচুকীয়া, ০২ ছেপ্টেম্বৰ (হি.স.)। বৰডুমচা অসম আৰক্ষীৰ সফলতা। গুটিবাৰীত বুজন পৰিমাণৰ গাঞ্জাসহ আটক এজন। আজি তিনিচুকীয়া জিলাৰ ডিগবৈ বিধানসভা সমষ্টিৰ ফিল'বাৰীৰ গুটিবাৰীত বৰডুমচা অসম আৰক্ষীৰ অভিযানত বুজন পৰিমাণৰ গাঞ্জাসহ আটক হৈছে জনৈক গগৈ উপাধিৰ এজন ব্যক্তি ।
তথ্য অনুসৰি গোপন সূত্ৰৰ পম খেদি বৰডুমচা অসম আৰক্ষী থানৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰিয়াজ আলিৰ নেতৃত্বত আৰু উপ-পৰিদৰ্শক ৰিংকু কলিতা সহ আৰক্ষীৰ এটা দলে অভিযান চলাইছিল। অভিযানত গাঞ্জা ব্যৱসায়ী গগৈৰ বাসগৃহৰ পৰা ৩৭৬ গ্ৰাম গাঞ্জা জব্দ কৰে ।
সচেতন মহলৰ অভিযোগ অনুসৰি ফিল'বাৰীৰ বিভিন্ন অঞ্চলত নিচাজাতীয় দ্ৰৱ্য অধিক প্ৰয়োগ আৰু প্ৰচলন বাবে চুৰি কাণ্ডৰ হাৰ বৃদ্ধি পাইছে।সমান্তৰালকৈ গাঞ্জা সহ গগৈক আটক কৰাৰ বাবে সচেতন মহলে প্ৰশাসনক ধন্যবাদ জ্ঞাপন কৰিছে।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু