ৰঙিয়াত উদ্ধাৰ বৃহৎ পৰিমাণৰ হেৰ'ইন, আটক এজন
কামৰূপ, ০২ছেপ্টেম্বৰ (হি.স.)। ৰঙিয়া ৰেল জংচনত উদ্ধাৰ বৃহৎ পৰিমাণৰ হেৰ''ইন, আটক এজন । ৰাজ্যত বৰ্তমানেও অব্যাহত নিচাজাতীয় সামগ্ৰীৰ অবাধ বেহা । ৰঙিয়া ৰেল জংচনত সন্দেহজনক ভাৱে ঘুৰি ফুৰা অৱস্থাত নিশা হেৰ''ইন সহ এজনক আটক কৰে ৰঙিয়া ৰেল আৰক্ষীৰ ।
ৰঙিয়াত উদ্ধাৰ বৃহৎ পৰিমাণৰ হেৰ'ইন, আটক এজন


কামৰূপ, ০২ছেপ্টেম্বৰ (হি.স.)। ৰঙিয়া ৰেল জংচনত উদ্ধাৰ বৃহৎ পৰিমাণৰ হেৰ'ইন, আটক এজন । ৰাজ্যত বৰ্তমানেও অব্যাহত নিচাজাতীয় সামগ্ৰীৰ অবাধ বেহা । ৰঙিয়া ৰেল জংচনত সন্দেহজনক ভাৱে ঘুৰি ফুৰা অৱস্থাত নিশা হেৰ'ইন সহ এজনক আটক কৰে ৰঙিয়া ৰেল আৰক্ষীৰ । ৬ টাকৈ চাবোনৰ বাকচত ৭৯ গ্ৰামকৈ হেৰ'ইন লৈ আনিছিল বিহাৰৰ বৈচালী জিলাৰ চুৰজ কুমাৰ নামৰ লোক জনে ।

জব্দকৃত হেৰ'ইন খিনিৰ বজাৰমূল্য প্ৰায় ১৬ লাখ টকা । গুৱাহাটীৰ কোনো অজ্ঞাত লোকে চুৰজ কুমাৰক যোগান ধৰিছিল এই বৃহৎ পৰিমাণৰ হেৰ'ইনখিনি । বিহাৰৰ ড্ৰাগছ মাফিয়া ওম প্ৰকাশৰ নিৰ্দেশত হেৰ'ইন খিনি সৰবৰাহ কৰা বুলি স্বীকাৰ ধৃত চুৰজ কুমাৰৰ । সম্প্ৰতি ৰঙিয়া ৰেল আৰক্ষীয়ে অধিক তথ্যৰ বাবে সোধাপোচা অব্যহত ৰাখিছে চুৰজক ।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande