ছেমিকন ইণ্ডিয়া ২০২৫ত অসমৰ থলুৱা চিপছৰ আশ্চৰ্য্য প্ৰদৰ্শন
গুৱাহাটী, ০২ ছেপ্টেম্বৰ (হি.স.)। ছেমিকন ইণ্ডিয়া ২০২৫ত প্ৰথমবাৰৰ বাবে থলুৱা অৰ্ধপৰিবাহী চিপ প্ৰদৰ্শন কৰি অসমে নিজৰ উপস্থিতি চিহ্নিত কৰে।মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে প্ৰদৰ্শনীত দেখুওৱা চিপ দুটাই অসমৰ পৰা ভাৰতৰ চিপ নিৰ্মাণ যাত্ৰাক এক নতু
Image shared by Assam CM Dr Himanta Biswa Sarma.


গুৱাহাটী, ০২ ছেপ্টেম্বৰ (হি.স.)। ছেমিকন ইণ্ডিয়া ২০২৫ত প্ৰথমবাৰৰ বাবে থলুৱা অৰ্ধপৰিবাহী চিপ প্ৰদৰ্শন কৰি অসমে নিজৰ উপস্থিতি চিহ্নিত কৰে।মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে প্ৰদৰ্শনীত দেখুওৱা চিপ দুটাই অসমৰ পৰা ভাৰতৰ চিপ নিৰ্মাণ যাত্ৰাক এক নতুন দিশ প্ৰদান কৰিছে।

প্ৰদৰ্শনীতো টাটা ওছেট চিপ আৰু নিউৰেল এম্প্লিফায়াৰ ফ্ৰণ্টএন্ড আইচি, যিটো এনআইটিআই চিলচৰয়ে বিকাশ কৰিছিল, মুখ্য আকৰ্ষণ হৈছে। মুখ্যমন্ত্ৰীয়ে ছ’চিয়েল মিডিয়াত পোষ্ট কৰি কয় যে অসমে এতিয়া দেশৰ অৰ্ধপৰিবাহী পৰিৱেশ তন্ত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আছে আৰু প্ৰযুক্তিগত বিকাশৰ যাত্ৰাত অহৰহ অৰিহণা যোগাইছে।

মুখ্যমন্ত্ৰীয়ে ইয়াক ৰাজ্যখনৰ বাবে এক ডাঙৰ মাইলৰ খুঁটি আখ্যা দি কয় যে এই প্ৰদৰ্শনে দেখুৱাইছে যে অসম এতিয়া উচ্চ প্ৰযুক্তিৰ উদ্যোগ আৰু উদ্ভাৱনৰ দিশত দ্ৰুতগতিত আগবাঢ়িছে।

একে সময়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাৰ্যসূচী উদ্বোধনৰ সময়ত কয় যে ভাৰতে এতিয়া ভাৰত অৰ্ধপৰিবাহী অভিযানৰ পৰৱৰ্তী পৰ্যায়ৰ বাবে প্ৰস্তুতি চলাইছে। তেওঁ লগতে ঘোষণা কৰে যে চৰকাৰে অতি সোনকালে নতুন ডিজাইন-লিংকড ইনচেণ্টিভ (ডি এল আই) আঁচনি প্ৰৱৰ্তন কৰিবলৈ ওলাইছে, যাৰ ফলত চিপ ডিজাইন বৃদ্ধি পাব।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande