২৩ জুলাইৰ নৈশ ভোজতে অসমক অশান্ত কৰাৰ সিদ্ধান্ত হৈছিল
গুৱাহাটী, ০২ ছেপ্তেম্বৰ (হি.স.)। “আৰ্চাদ মাদানিয়ে আৰম্ভণিৰে পৰা কংগ্ৰেছ আৰু ইয়াৰ সহযোগী দলসমূহৰ বাবে সদায় পৰিপূৰক হিচাপে কাম কৰি আহিছে। অখিলেশ যাদৱ নেতৃত্বাধীন সমাজবাদী পাৰ্টি আৰু কংগ্ৰেছৰ যৌথ প্ৰাৰ্থী হিচাপে ৰাজ্য সভাৰ সাংসদ হোৱা মাদানি মূলত কংগ্ৰেছী ৰাজনীতিৰ শ্লিপাৰ চেল”- ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ ৰঞ্জীৱ কুমাৰ শৰ্মাই মাদানিৰ ৰাজনৈতিক পৰিচয়ক এনেদৰে বৰ্ণনা কৰি লগতে কয় “যোৱা লোকসভা নিৰ্বাচনত মহাৰাষ্ট্ৰ, উত্তৰ প্রদেশ, হাৰিয়ানা, দিল্লী, পশ্চিম বংগ, ঝাৰখণ্ড আৰু বিহাৰত মাদানিয়ে কংগ্ৰেছ নেতৃত্বাধীন মৰ্চাৰ প্লার্থীসকলৰ হৈ নিৰ্বাচনী প্রচাৰ চলাইছিল।
কিন্তু এইজন মাদানিকেই অসম প্রদেশ কংগ্ৰেছ কমিটি আৰু তেওঁলোকৰ মূল সহযোগী জাতীয় পৰিষদে বিজেপিৰ এজেণ্ট বুলি দাবী কৰিব খোজে। কিন্তু মাদানিৰ ৰাজনৈতিক পৰিচয় জনা সকলৰ বাবে তেওঁ আচলতে কাৰ এজেণ্ট সেয়া নিশ্চয় বহলাই কোৱাৰ কোনো প্রয়োজন নাই বুলি বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ গৰাকীয়ে বৰ্ণনা কৰে।”
দলৰ মুখ্য কাৰ্যালয় অটল বিহাৰী বাজপেয়ী ভৱনত আয়োজিত সংবাদমেলত শৰ্মাৰ লগতে দলৰ আন এগৰাকী মুখপাত্ৰ জেফৰিণ মেহজাৱিনো উপস্থিত আছিল। ৰাজ্যিক বিজেপিৰ মুখপাত্ৰজনৰ মতে কংগ্ৰেছ আৰু মাদানিয়ে গোপনে মিতিৰালি কৰি চলাই থকা ভোট বেংক তুষ্টিকৰণৰ ৰাজনীতিত সমন্বয়ক আৰু সংৰক্ষকৰ ভূমিকাত অৱতীৰ্ণ হৈছে জাতীয় পৰিষদৰ লুৰীণজ্যোতি গগৈ। বৰ্তমান সময়ত অসম জাতীয় পৰিষদৰ সভাপতিজন কংগ্ৰেছ দলৰ প্রধান প্রবক্তাত পৰিণত হোৱাৰ লগতে কংগ্ৰেছৰ সাম্প্ৰদায়িক মেৰুকৰণৰ ৰাজনীতিৰ অন্যতম কেডাৰলৈ ৰূপান্তৰিত হৈছে। নিজকে আঞ্চলিকতাবাদী বুলি দাবী কৰা নেতা লুৰীণজ্যোতি গগৈ বৰ্তমান দিল্লীৰ ১০ নং জনপথৰ “ব্লু-আইড বয়”হে। এগৰাকী আঞ্চলিকতাবাদী ৰাজনৈতিক নেতাৰ এনে মতাদৰ্শগত আৰু ৰাজনৈতিক অবক্ষয় সঁচাকৈ লজ্জাজনক ঘটনা বুলি শৰ্মাই বৰ্ণনা কৰে।
মাদানিৰ অসম আগমণ কোনো আকস্মিক ঘটনা নহয়, বৰঞ্চ ই এক পৰিকল্পিত আৰু পূৰ্ব নিৰ্ধাৰিত সাম্প্ৰদায়িক ৰাজনীতিৰ এটা অংশ বুলি ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ গৰাকীয়ে মতপোষন কৰি লগতে কয় -অসমত ভোটাৰৰ মেৰু বিভাজন ঘটাই পৰিকল্পিত ভাৱে সাম্প্ৰদায়িক ৰাজনীতি কৰাৰ কাৰণে যোৱা ২৩ জুলাইৰ নিশা সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল।
উল্লেখযোগ্য যে মাদানিৰ আহ্থান ক্ৰমে কংগ্ৰেছ নেতৃত্বাধীন মৰ্চাৰ অংশীদাৰ ৰাজনৈতিক দলৰ কেইবাজনো জ্যেষ্ঠ নেতা আৰু সাংসদ ২৩ জুলাইৰ নিশা দিল্লীৰ এক পঞ্চতাৰকা হোটেলত‘ নৈশ আহাৰৰ বাবে মিলিত হৈছিল।
এই বৈঠকত সমাজবাদী পাৰ্টিৰ ইক্ৰা হাশ্বন, মহিবুল্লা নকভি, জিয়াউৰ ৰেহমান বাৰ্ক আৰু এইচ. মল্লিক, কংগ্ৰেছৰ ইমৰান মাছুদ, ইমৰান প্রতাপগড়ী আৰু জাৱেদ খান উপস্থিত আছিল। ঠিক একেদৰে ফাৰুক আব্দুল্লাৰ নেতৃত্বাধীন নেশ্বনেল কনফাৰেঞ্চৰ আগা ৰুহুল্লা আৰু মিয়ান আলতাফ তথা উত্তৰ প্রদেশৰ আন এগৰাকী ৰাজনৈতিক নেতা চন্দ্ৰশেখৰ আজাদো এই নৈশ ভোজত উপস্থিত আছিল। কংগ্ৰেছ দলৰ শ্ৰুতলিপি মতে আয়োজিত এই নৈশ ভোজতেই অসমৰ ৰাজনীতিত সাম্প্ৰদায়িকতাৰ বীজ নতুনকৈ ৰোপন কৰি ৰাজনৈতিক পৰিৱেশক অৰাজকতালৈ ঠেলি দিয়াৰ নিকৃষ্ট ব্লু-প্রিণ্ট প্ৰস্তুত কৰা হৈছিল বুলি ৰাজ্যিক বিজেপি মুখপাত্ৰ ৰঞ্জীৱ কুমাৰ শৰ্মাই গুৰুতৰ অভিযোগ উত্থাপন কৰে।
ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ শৰ্মাই অভিযোগ কৰা মতে কংগ্ৰেছৰ পৰিকল্পনা অনুসৰি আয়োজিত ২৩ জুলাইৰ নৈশ ভোজৰ পিছতেই অসমত চলি থকা বেদখলকাৰীৰ উচ্ছেদৰ বিষয়ক ৰাষ্ট্ৰীয় পৰ্য্যায়ত বিকৃত ৰূপত উত্থাপন কৰি ৰাজনীতিৰ মেৰুকৰণৰ প্রক্ৰিয়া আৰম্ভ কৰা হৈছিল। দিল্লীত জমিয়ত উলেমা ই হিন্দ আৰু গুৱাহাটীত নাগৰিক সমাজে আয়োজন কৰা সভাৰ তাৰিখ সমূহৰ পৰাই অনুমান কৰিব পাৰি ২৩ জুলাইৰ নৈশ ভোজৰ ৰাজনৈতিক মহত্ব। ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ ৰঞ্জীৱ কুমাৰ শৰ্মাৰ মতে স্বাধীনতা দিৱসৰ প্রতি লক্ষ্য ৰাখি সকলো কাৰ্যক্ৰম ১৫ আগষ্টৰ পিছত একাদিকক্ৰমে ৰূপায়ন কৰাৰ বাবে ২৩ জুলাইৰ নৈশ ভোজতে সিদ্ধান্ত লোৱা হৈছিল।
কংগ্ৰেছ দলৰ শ্ৰুতলিপি মতেই নৈশ ভোজত গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি ২১ আগষ্টৰ দিনা সভা পাতি জমিয়তে অসমৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে প্রস্তাৱ গ্রহণ কৰি পদৰ পৰা বৰ্খাস্ত কৰাৰ দাবী তোলে। জমিয়তৰ দিল্লী বৈঠকৰ কেইদিন মানৰ পিছতেই গুৱাহাটীত ড০ হীৰেণ গোঁহাই, অজিত কুমাৰ ভূঞা, পৰেশ মালাকাৰ, ড০ অপূৰ্ব কুমাৰ বৰুৱা আদিৰ নেতৃত্বাধীন নাগৰিক সমাজে সভা পাতি ছৈয়দা হামিদক সাম্প্ৰদায়িক মেৰুকৰণ আৰু অসম বিৰোধী বক্তব্য ৰখাৰ বাবে ব্যৱস্থা কৰি দিছিল। হামিদাই কেৱল গুৱাহাটীতেই নহয় ২৬ আগষ্টৰ দিনা নতুন দিল্লীতো অসমত চলি থকা উচ্ছেদৰ বিৰুদ্ধে বিকৃত বক্তব্য প্রকাশ কৰি থলুৱা খিলঞ্জীয়া মানুহৰ প্রতি ঘৃণা বিয়পোৱাৰ এক নিকৃষ্ট ষড়যন্তুত লিপ্ত হোৱাৰ কথা আমি সকলোৱে জানো বুলি শৰ্মাই কয়।
দিল্লীত হামিদাই অসমৰ বিৰুদ্ধে ঘৃণনীয় প্রচাৰ চলোৱাৰ মাত্ৰ সাত দিনৰ পিছতেই মাদানি বাহীনি আহি অসমত উপস্থিত হৈছে। ৰাজ্য চৰকাৰে চৰকাৰী ভূমিৰ পৰা বেদখলকাৰীৰ উচ্ছেদ অভিযান আৰম্ভ কৰাৰ পিছত অসম আৰু নতুন দিল্লীত একাদিক ক্ৰমে আয়োজিত উচ্ছেদ বিৰোধী কাৰ্যক্ৰম আয়োজন কৰি অসমৰ সমাজ জীৱনক অস্থিৰ কৰিবলৈ প্রয়াস চলোৱা হৈছিল। ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ ৰঞ্জীৱ কুমাৰ শৰ্মাৰ মতে কংগ্ৰেছ ই’ক ব্যৱস্থাই আৰম্ভ কৰা এনে কুচকাৱাজ ৰাজ্যৰ জনসাধাৰণৰ ৰাজনৈতিক সচেতনতা আৰু জাগ্ৰত মনোভাৱৰ বাবে ইতিমধ্যে ব্যৰ্থ হৈছে।
ঘটনাৰ ক্ৰম সমূহে স্পষ্ট কৰে যে, গুৱাহাটী আৰু দিল্লীত আয়োজিত কাৰ্যক্ৰম সমূহ কোনো কাকতলীয় ঘটনা নহয় বৰঞ্চ পৰিকল্পিত আৰু পূৰ্বনিৰ্ধাৰিত কাৰ্যক্ৰমহে বুলি ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ জনে মতপোষন কৰে। শৰ্মাৰ মতে ২৩ জুলাইৰ নৈশভোজৰ পৰা আৰম্ভ কৰি আজিলৈ হোৱা সকলো ঘটনা কংগ্ৰেছৰ শ্ৰুতলিপি মতে হৈ আছে। জাতীয় পৰিষদৰ লুৰীণজ্যোতি গগৈ নাইবা দেওঁবন্দৰ আৰ্চাদ মাদানি এই সমগ্ৰ পৰিক্ৰমাত কংগ্ৰেছী পাশাখেলৰ এক প্রকাৰৰ গুটিত পৰিণত হৈছে বুলি ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ ৰঞ্জীৱ কুমাৰ শৰ্মাই বৰ্ণনা কৰে।
হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী