নতুন দিল্লী, ১৫ ছেপ্টেম্বৰ (হি.স.)। পাকিস্তান ক্ৰিকেট ব’ৰ্ডে ডুবাইত ভাৰতৰ সৈতে গ্ৰুপ এৰ খেলখনৰ এদিন পিছতে মেচ ৰেফাৰী এণ্ডি পাইক্ৰাফ্টক এছিয়া কাপ ২০২৫ৰ পৰা অপসাৰণৰ দাবী জনাইছে।
খেলৰ পিছত অধিনায়ক সূৰ্যকুমাৰ যাদৱৰ নেতৃত্বত ভাৰতীয় খেলুৱৈয়ে পাকিস্তানী দলৰ সৈতে হাত মিলাবলৈ অস্বীকাৰ কৰাত পাকিস্তানে খেলৰ পিছত ৰেফাৰীৰ ওচৰত আনুষ্ঠানিক প্ৰতিবাদ দাখিল কৰে। পিচিবিৰ অধ্যক্ষ মহছিন নাকভিয়ে ছ’চিয়েল মিডিয়া পোষ্টযোগে কয় যে মেচ ৰেফাৰীয়ে আইচিচিৰ আচৰণ বিধি আৰু ক্ৰিকেটৰ মনোভাৱৰ সৈতে জড়িত এমচিচিৰ আইন উলংঘা কৰাৰ সন্দৰ্ভত পিচিবিয়ে আইচিচিত অভিযোগ দাখিল কৰিছে। এছিয়া কাপৰ পৰা মেচ ৰেফাৰীক শীঘ্ৰে অপসাৰণৰ দাবী জনাইছে পিচিবিয়ে।
ভাৰতীয় খেলুৱৈসকলে পাকিস্তানী খেলুৱৈৰ সৈতে হাত মিলাবলৈ অস্বীকাৰ কৰাৰ পিছত জিম্বাবুৱেৰ এণ্ডি পাইক্ৰাফ্টে এই বিষয়ত কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবেই পাকিস্তানে এই পদক্ষেপ গ্ৰহণ কৰিছে। পিচিবিয়ে ইয়াৰ পূৰ্বে এক বিবৃতিত জনাইছিল যে ভাৰতীয় খেলুৱৈসকলৰ হাত মিলোৱাৰ পৰা বিৰত থকা আচৰণৰ বিৰুদ্ধে দলৰ মেনেজাৰ নৱীদ চিমাই তীব্ৰ প্ৰতিবাদ দাখিল কৰিছিল। এইটো খেলৰ মনোভাৱৰ বিৰুদ্ধে আৰু খেলৰ প্ৰতি অনুচিত বুলি গণ্য কৰা হৈছিল। প্ৰতিবাদ হিচাপে আমি আমাৰ অধিনায়কক খেলৰ পিছৰ অনুষ্ঠানলৈ প্ৰেৰণ কৰা নাছিলো।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া