নতুন দিল্লী, ১৫ ছেপ্টেম্বৰ (হি.স.)। ভাৰত আৰু পাকিস্তানৰ মাজত অনুষ্ঠিত হ’বলগীয়া এফ আই এইচ প্ৰ’ লীগ (পুৰুষৰ শাখা)ৰ বহু প্ৰত্যাশিত মেচ ২০২৬ চনৰ ২৩ জুনৰ পৰা ২৮ জুনলৈ ইংলেণ্ডত অনুষ্ঠিত হ’ব । এয়া পৰৱৰ্তী ছিজনৰ শেষ সপ্তাহৰ অংশ হ’ব। বুধবাৰে প্ৰকাশ পাব সম্পূৰ্ণ মেচ সূচী।
শেহতীয়াকৈ এফ আই এইচ নেচনছ কাপৰ ফাইনেলত নিউজিলেণ্ডৰ হাতত পৰাস্ত হৈছিল পাকিস্তান, যিটো প্ৰতিযোগিতা আছিল প্ৰ’ লীগৰ বাবে যোগ্যতা অৰ্জন কৰা প্ৰতিযোগিতা। কিন্তু নিউজিলেণ্ড (ব্লেক ষ্টিকছ) প্ৰতিযোগিতাখনৰ পৰা আঁতৰি যোৱাৰ পিছত এফ আই এইচে ৰানাৰ্ছ আপ পাকিস্তানক লীগত যোগদান কৰিবলৈ আমন্ত্ৰণ জনায়। এইদৰে পাকিস্তানে প্ৰথমবাৰৰ বাবে প্ৰ’ লীগত অভিষেক ঘটাব আৰু যোৱা ছিজনত তলৰ স্থানত থকা আয়াৰলেণ্ডৰ ঠাই ল’ব।
মহিলা প্ৰতিযোগিতাত ভাৰতীয় দল বাহিৰ হোৱাৰ পিছত আয়াৰলেণ্ডৰ দলটোৱে অভিষেক ঘটাব। ৯ ডিচেম্বৰৰ পৰা আয়াৰলেণ্ডত আৰম্ভ হ’ব এফ আই এইচ প্ৰ’ লীগৰ সপ্তম ছিজন।গোটেই ছিজনটোত ১০খন দেশত মুঠ ১৪৪খন খেল অনুষ্ঠিত হ’ব। ডাচ পুৰুষ আৰু মহিলা দলটোৱে ডিফেণ্ডিং চেম্পিয়ন আৰু পুনৰবাৰ নিজৰ খিতাপ ৰক্ষাৰ বাবে চেষ্টা কৰিব।
সূচী (২০২৫-২৬ এফ আই এইচ প্ৰ' লীগ)
আয়াৰলেণ্ড (৯-১৪ ডিচেম্বৰ ২০২৫) – মহিলা: আয়াৰলেণ্ড, বেলজিয়াম, ইংলেণ্ড | পুৰুষ: বেলজিয়াম, ইংলেণ্ড, জাৰ্মানী
আৰ্জেণ্টিনা (৯-১৪ ডিচেম্বৰ ২০২৫) – মহিলা: আৰ্জেণ্টিনা, জাৰ্মানী, নেদাৰলেণ্ড | পুৰুষ: আৰ্জেণ্টিনা, নেদাৰলেণ্ড, পাকিস্তান
চীন (৫-১০ ফেব্ৰুৱাৰী ২০২৬) – মহিলা: চীন, ইংলেণ্ড, নেদাৰলেণ্ড
স্পেইন (৫-১০ ফেব্ৰুৱাৰী ২০২৬) – মহিলা: স্পেইন, বেলজিয়াম, জাৰ্মানী | পুৰুষ: স্পেইন, ইংলেণ্ড, নেদাৰলেণ্ড
অষ্ট্ৰেলিয়া (১০-১৫ ফেব্ৰুৱাৰী ২০২৬) – মহিলা: অষ্ট্ৰেলিয়া, আৰ্জেণ্টিনা, আয়াৰলেণ্ড | পুৰুষ: অষ্ট্ৰেলিয়া, জাৰ্মানী, পাকিস্তান
ভাৰত (১০-১৫ ফেব্ৰুৱাৰী ২০২৬) – পুৰুষ: ভাৰত, আৰ্জেণ্টিনা, বেলজিয়াম
অষ্ট্ৰেলিয়া (২০-২৫ ফেব্ৰুৱাৰী ২০২৬) – মহিলা: অষ্ট্ৰেলিয়া, চীন, স্পেইন | পুৰুষ: অষ্ট্ৰেলিয়া, ভাৰত, স্পেইন
ইংলেণ্ড (১৩-২১ জুন ২০২৬) – মহিলা: ইংলেণ্ড, অষ্ট্ৰেলিয়া, জাৰ্মানী | পুৰুষ: ইংলেণ্ড, আৰ্জেণ্টিনা, অষ্ট্ৰেলিয়া
নেদাৰলেণ্ড (১৩-২১ জুন ২০২৬) – মহিলা: নেদাৰলেণ্ড, আয়াৰলেণ্ড, স্পেইন | পুৰুষ: নেদাৰলেণ্ড, জাৰ্মানী, ভাৰত
বেলজিয়াম (১৩-২১ জুন ২০২৬) – মহিলা: বেলজিয়াম, আৰ্জেণ্টিনা, চীন | পুৰুষ: বেলজিয়াম, পাকিস্তান, স্পেইন
বেলজিয়াম (২৩-২৮ জুন ২০২৬) – মহিলা: বেলজিয়াম, অষ্ট্ৰেলিয়া, নেদাৰলেণ্ড | পুৰুষ: বেলজিয়াম, অষ্ট্ৰেলিয়া, নেদাৰলেণ্ড
জাৰ্মানী (২৩-২৮ জুন ২০২৬) – মহিলা: জাৰ্মানী, চীন, আয়াৰলেণ্ড | পুৰুষ: জাৰ্মানী, আৰ্জেণ্টিনা, স্পেইন
ইংলেণ্ড (২৩-২৮ জুন ২০২৬) – মহিলা: ইংলেণ্ড, আৰ্জেণ্টিনা, স্পেইন | পুৰুষ: ইংলেণ্ড, ভাৰত, পাকিস্তান
हिन्दुस्थान समाचार / অৰৱিন্দ